ত্ৰিপুৰাত সোপাধৰাৰ উৰাবাতৰি বিয়পোৱা ১২ জন দুৰ্বৃত্তক গ্ৰেপ্তাৰ

mob-lynching-570x320

ফাইল ফটোত আগৰতলাৰ জি বি হাস্পাতলত চিকিৎসাধীন গণ প্ৰহাৰত গুৰুতৰভাৱে আহত এজন লোক। ফটো : পিনাকি দাস

ত্ৰিপুৰাত সোপাধৰাৰ উৰাবাতৰি প্ৰচাৰ কৰাৰ অভিযোগত ৰাজ্যখনত কমেও ১২ জন লোকক যোৱা ২৪ ঘন্টাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ইয়াৰ মাজতে ত্ৰিপুৰা আৰক্ষীয়ে যোৱা বৃহস্পতিবাৰে সোপাধৰাৰ সন্দেহত ৰাজ্যখনৰ বিভিন্ন স্থানত চাৰিজন লোকক হত্যা কৰাৰ পিছত ৰাজ্যজুৰি উৰাবাতৰি বিয়পোৱা লোকৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰিছে।

ৰাজ্যৰ মানু, আগৰতলা আৰু বিশালগড়ত সংঘটিত গণ প্ৰহাৰত দুজন ডেকা মানুহৰ লগতে এগৰাকী মহিলা নিহত আৰু আন বহু লোক গুৰুতৰভাৱে আহত হোৱা ঘটনাৰ সৈতে জড়িত ১২ জন লোকক ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে মোহনপুৰ মহকুমাৰ অন্তৰ্গত মুৰাবাৰী অঞ্চলত এজন নিৰীহ খুচুৰা ব্যৱসায়ীক হত্যা কৰা ঘটনাৰ লগত জড়িত অপৰাধীসকলৰ সন্ধানতো অভিযান অব্যাহত ৰাখিছে।

আৰক্ষীৰ সূত্ৰসমূহে কয় যে ৰবিধন ত্ৰিপুৰা, ধীৰেন্দ্ৰ ত্ৰিপুৰা, আশিক দাস আৰু আন এজন অচিনাক্ত ব্যক্তিক কালাচেৰা (মানু)ৰ হত্যাৰ ঘটনাৰ লগত প্ৰত্যক্ষভাৱে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে লগতে আগৰতলা আৰু বিশালগড়ত উৰাবাতৰি বিয়পোৱা ঘটনাৰ লগত  জড়িত চাৰিজনকৈ মুঠ আন আঠজন লোকক গ্ৰেপ্তাৰ কৰিছে।

ইয়াৰ মাজতে আৰক্ষীয়ে কালাচেৰাৰ ঘটনাৰ লগত জড়িত অপৰাধীৰ সন্ধানত ব্যাপক অভিযান চলাইছে। ইয়াত উত্তৰ প্ৰদেশৰ পৰা কাপোৰ বিক্ৰী কৰিবলৈ অহা তিনিগৰাকী লোকক সোপাধৰা সন্দেহত নিৰ্দয়ভাৱে গণ প্ৰহাৰ কৰাৰ ফলত তেওঁলোকৰ মাজৰ এজন নিহত হৈছিল।