ত্ৰিপুৰাত ৪০ খনতকৈয়ো অধিক আসন লাভ কৰি চৰকাৰ গঠন কৰিব বিজেপিয়ে : ৰাম মাধৱ

ram_madhav_ani

বিধানসভাৰ নিৰ্বাচনৰ ভোটগণনা চলি থকাৰ মাজতে আৰু ভোটগণনা সমাপ্ত হ’বলৈ বাকী থকাৰ সময়তে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে কৈছে যে বিজেপিয়ে ত্ৰিপুৰাত ৪০ খনতকৈয়ো অধিক আসন লাভ কৰি চৰকাৰ গঠন কৰিব।

কিছু সময় আগতে আগৰতলাত অনুষ্ঠিত এখন সংবাদ মেলত ৰাম মাধৱে এই কথা প্ৰকাশ কৰিছে।

বিজেপিয়ে ইয়াৰ সহযোগী দল ইণ্ডিজেনিয়াছ পীপলছ ফ্ৰন্ট অফ ত্ৰিপুৰাৰ আইআইএফটি)  সৈতে লগ লাগি ত্ৰিপুৰাত চৰকাৰ গঠনৰ বাবে আগবাঢ়িছে।

৫৯ খন আসনৰ বাবে হোৱা ভোট গণনাত বিজেপি আৰু ইয়াৰ মিত্ৰ দলে ৩৯ আসনত অগ্ৰগতি লৈ আছে আৰু ইয়াৰ বিপৰীতে শাসনাধীষ্ঠ বাওঁমৰ্চাই ২০ খনত আসনতে ইয়াৰ যুঁজ সীমিত কৰি ৰাখিবলগীয়া হৈছে।

বিগত ২৫ বছৰ ধৰি ত্ৰিপুৰাত শাসন চলাই থকা বাওঁমৰ্চাই আধা সংখ্যক আসনতো যুঁজ অব্যাহত ৰাখিব নোৱাৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

২০১৩ চনৰ নিৰ্বাচনত চিপিআই(এম)এ  ৫৫ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি ৪৯ খন আসনত জয়লাভ কৰিছিল। আনহাতে, কংগ্ৰেছে ৪৮ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি ১০ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল।

এইবাৰৰ নিৰ্বাচনত মুঠতে ২৩ গৰাকী মহিলাকে ধৰি ২৯০ গৰাকী প্ৰাৰ্থীয়ে বিভিন্ন দলৰ লগতে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।

১৯৯৩ চনৰ পৰা একেৰাহে শাসন চলাই থকা বাওঁমৰ্চাৰ বাবে ২০১৮ ৰ নিৰ্বাচনটোৱে ৰাজ্যখনত দলৰ স্থিতি থৰক-বৰক কৰি তুলিলে।

ত্ৰিপুৰাত পৰৱৰ্তী চৰকাৰ গঠন কৰিবলৈ তৎপৰতা আৰম্ভ কৰাৰ মুহূৰ্তত দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ’ব তাৰ জল্পনা কল্পনা আৰম্ভ হৈছে। এক সূত্ৰৰ পৰা জানিব পৰা মতে ত্ৰিপুৰাৰ নিৰ্বাচনত দলক নেতৃত্ব দিয়া বিপ্লৱ দেৱেই হয়তো ত্ৰিপুৰাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব। এইক্ষেত্ৰত দ্বিতীয় এগৰাকী ব্যক্তিৰ নাম এই মুহূৰ্তত চৰ্চা হোৱা দেখা পোৱা নাই।