অভিমত অসম আন্ত: ৰাষ্ট্ৰীয় ক্ৰীড়া জীৱনশৈলী দেশ প্ৰাসংগিক প্ৰশ্ন
NORTHEAST NOW (Assamese)
  • Home
  • অভিমত
  • অসম
  • আন্ত: ৰাষ্ট্ৰীয়
  • ক্ৰীড়া
  • জীৱনশৈলী
  • দেশ
  • প্ৰাসংগিক প্ৰশ্ন
Home › অসম

ত্ৰিপুৰাত ৰহিঙীয়াক আটক

November 29, 2017 6:27 pm · এন ই নাও নিউজ ব্যুৰো:
Updated: November 30, 2017 12:27 pm

আজি ত্ৰিপুৰা আৰক্ষীয়ে ত্ৰিপুৰাৰ খায়েৰপুৰৰ পৰা ৮জন মুচলমান ৰহিঙীয়াক আটক কৰে। আটক কৰাকেইজনৰ ভিতৰত দুজন পুৰুষ, দুগৰাকী মহিলা আৰু ৪ টি কণমানি শিশু বুলি জানিব পৰা গৈছে। আটক কৰা আটাইকেইগৰাকীকে বৰ্তমান ৰাণীৰবজাৰ থানাত ৰখা হৈছে। আৰক্ষীৰ সূত্ৰই জনোৱামতে, তেওঁলোকক সোধা-পোছা কৰি আৰু তেওঁলোকৰ হাতত থকা নথি-পত্ৰ পৰীক্ষা কৰি তেওঁলোক ম্যানমাৰৰ পৰা ভাৰতত সোমোৱা বুলি সন্দেহ কৰা হৈছে। জেৰাৰ সময়ত তেওঁলোকে আৰক্ষীৰ আগত স্বীকাৰ কৰামতে ম্যানমাৰত নিৰ্য্যাতনৰ সন্মুখীন হৈ তেওঁলোকে প্ৰথমে বাংলাদেশত আৰু তাৰ পাছত পশ্চিমবংগ হৈ ভাৰতত প্ৰৱেশ কৰিছিল আৰু কেইবছৰ মান পূৰ্বে তেওঁলোকে কাশ্মীৰলৈ গৈছিল। কিন্তু এতিয়া ত্ৰিপুৰালৈ কামৰ সন্ধানত আহিছে। তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে কয় যে লোককেইজন ৰে’লেৰে প্ৰথমে গুৱাহাটীলৈ আৰু তাৰ পৰা বাছেৰে ত্ৰিপুৰালৈ কামৰ সন্ধানত আহিছে।

‹ উচটনিমূলক মন্তব্য দি বিপদত এ আই য়ু… ত্ৰিপুৰাৰ সাংবাদিক হত্যাক গৰিহণা ইউনেস্কোৰ ›

Related News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm · এন ই নাও নিউজ, গুৱাহাটী

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm · এন ই নাও নিউজ, গুৱাহাটী

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm · এন ই নাও নিউজ, গুৱাহাটী
NORTHEAST NOW (Assamese) · View full site