NORTHEAST NOW (Assamese)

ত্ৰিপুৰাৰ ছটা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ প্রক্রিয়া আৰম্ভ

February 26, 2018 1:37 pm · পান্না ঘোষ
Updated: February 26, 2018 1:41 pm

সদ্যসমাপ্ত ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত ইভিএম বিসংগতিকে আদি কৰি আন্যান্য কিছু অভিযোগৰ ভিত্তিত ছটাকৈ ভোট কেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে।

কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত অনুষ্ঠিত এই ভোটগ্ৰহণত আজি পুৱাৰে পৰা ভোটাৰৰ উৎসাহ দেখা পোৱা পৰিলক্ষিত হৈছে। দিনৰ ১১ বজালৈ ৰাজ্যখনত ভোটদানৰ হাৰ প্ৰায় ৩৭.০৭ শতাংশ হৈছে।

উল্লেখ্য যে ৫৪ নং কুৰ্তি কদমতলা সমষ্টিৰ অন্তৰ্গত পিয়ৰিচাৰা বিদ্যালয়ত ইতিমধ্যে ভোটগ্ৰহণ আৰম্ভ হৈছে। এই ভোট কেন্দ্ৰটোত মুঠ ১,১৬৫ গৰাকী ভোটাৰ আছে। জানিব পৰা মতে যোৱা ১৮ ফেব্ৰুৱাৰিৰ নিৰ্বাচনত ইতিমধ্যে ৯৬৫ জন ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে।

নিৰ্বাচনী আয়োগে পুনৰ ভোট গ্ৰহণৰ সিদ্ধান্ত ঘোষণা কৰাৰ পাছতে সমগ্ৰ পক্ৰিয়াটো সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অঞ্চলটোত অৰ্ধ সামৰিক বাহিনীৰ মুঠ ১৫০ টা কোম্পানী নিয়োজিত কৰিছে।

নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুযায়ী টেলিয়ামূৰা সমষ্টিৰ ২৮/৪৫ নং,  সোণামূৰাৰ ২২/২৬ নং, ধনপুৰৰ ২৩/৮ নং, ছাবৰূমৰ ৪০/৪৮নং, কদমতলাৰ ৫৪/৯ নং আৰু অম্পি নগৰ সমষ্টিৰ ৪১/৩৭ নং সমষ্টিত এতিয়া ভোটগ্ৰহণ চলি আছে।

এইবাৰ ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত মাণিক সৰকাৰক তীব্ৰ প্ৰত্যাহ্বান জনাইছে বিজেপিয়ে। বিশেষকৈ চিপিআই(এমৰ) দুৰ্গ হিচাপে খ্যাত বাওঁ দলৰ শাসন ওফৰাবলৈ পূৰ্ণ চেষ্টা চলাইছে বিজেপিয়ে।

উল্লেখ্য যে অহা ৩ মাৰ্চৰ ৰাজ্যখনৰ নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ’ব।

Related News