ত্ৰিপুৰাৰ ধৰ্মনগৰত আজি নিৰ্বাচনী ৰ’ড শ্ব’ উত্তৰ-প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথৰ

yogi-tripura

ধৰ্মনগৰত যোগীৰ ৰ’ডশ্ব’

গুৰুত্বপূৰ্ণ ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ বাবে ৰাজ্যখনত আজি আহি উপস্থিত হৈছেহি উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথ।

ধৰ্মনগৰৰ গোৰখনাথ মন্দিৰত পূজা আগবঢ়োৱাৰ পিছত উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰীগৰাকীয়ে বিজেপিৰ পাদ্দাপুৰ কাৰ্য্যালয়ৰ পৰা ধৰ্মনগৰত আজি এক ৰ’ড শ্ব’ (পথ প্ৰদৰ্শনী)ত অংশগ্ৰহণ কৰে।

ধৰ্মনগৰৰ বিভিন্ন পথ পৰিভ্ৰমণ কৰি যোগীয়ে আৰম্ভ কৰা বিজয়ৰথ যাত্ৰা যুৱৰাজনগৰত সমাপ্ত হয়।

ৰ’ড শ্ব’ত বহুসংখ্যক সমৰ্থকৰে মত বিনিময় কৰা যোগীয়ে ত্ৰিপুৰাৰ জনসাধাৰণক চিৰদিন বঞ্চিত কৰি ৰখা বুলি চিপিআই (এম) চৰকাৰক সমালোচনা কৰে আৰু উন্নয়নৰ নতুন দিগন্ত উন্মোচিত কৰাৰ বাবে ২০১৮ৰ নিৰ্বাচনত বিজেপি দলক ভোট দিবলৈ আহ্বান জনায়।

আগৰতলাত আজি ৰাতিটো কটাই যোগীয়ে কাইলৈ মাতাৰবাৰী উদয়পুৰ মন্দিৰত পূজা আগবঢ়োৱাৰ পিছত নিজ ৰাজ্যলৈ ঘূৰি যোৱাৰ পূৰ্বে তিনিখন জনসভাক সম্বোধন কৰিব।

আজি আগৰতলা বিমানবন্দৰৰ পৰা যোগীক আদৰি আনে ত্ৰিপুৰা ৰাজ্যিক পৰ্য্যৱেক্ষক সুনীল দেওধৰে।