ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে পূজা আগবঢ়ালে ‘ভাৰত মাতা’ক

09-03-18-Agartala-Biplab-Kumar-Deb-swearing-in-ceremony-1-570x320

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে দেওবাৰে তেওঁৰ গৃহ সমষ্টি বনমালীপুৰ বিধানসভা সমষ্টিৰ ধালেশ্বৰত ‘ভাৰত মাতা’ৰ পূজা আগবঢ়ায়।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই ‘পূজা’ই বন্ধুত্ব, একতা আৰু দেশপ্ৰেমৰ বাৰ্তা প্ৰেৰণ কৰিব আৰু ৰাজ্যখনৰ ৩৭ লাখ জনসাধাৰণক ঐক্যবদ্ধ কৰি ৰাখিব।

‘’মই ভাৱো যে এই পূজা দেশৰ সকলোতে পতা হওক আৰু ই আমাক ভাৰতীয় হিচাপে ঐক্যবদ্ধ হোৱাত সহায় কৰিব। আমাৰ সমাজত আমি মহিলাক সন্মান কৰো আৰু ‘’দুৰ্গা বা কালী’’ৰ দৰে দেৱীৰ পূজা কৰো,’’-তেওঁ কয়।

ৰাজ্য বিধানসভাৰ প্ৰ’টেম অধ্যক্ষ ৰতন চক্ৰৱৰ্তীয়েও ভাৰত মাতাৰ পূজা আগবঢ়ায়।

ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি ৰাজ্যখনৰ বিকাশৰ বাবে এলানি কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰিছিল।

দীৰ্ঘদিন বাওঁমৰ্চাৰ শাসনৰ অধীনত থকা ত্ৰিপুৰাত প্ৰথমবাৰৰ বাবে শাসনলৈ অহা বিজেপি চৰকাৰৰ বাবে প্ৰত্যাহ্বান বহুত যদিও কেন্দ্ৰত নিজৰ দলৰ চৰকাৰ থকাৰ সুবাদত নতুন চৰকাৰখনে ত্ৰিপুৰাৰ বিকাশত নতুন অধ্যায়ৰ সূচনা কৰিব বুলি ৰাইজে আশা কৰিছে।