ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী পদৰ দৌৰত প্ৰাক্তন আৰ এছ এছ কৰ্মী বিপ্লব দেব

ৰাজনাথ সিঙৰ সৈতে ত্ৰিপুৰা বিজেপিৰ সভাপতি বিপ্লব দেব আৰু কেন্দ্ৰীয় নিৰীক্ষক সুনিল দেওধৰ

ত্ৰিপুৰাত বিজেপি-আই পি এফ টি মিত্ৰজোঁটে চৰকাৰ গঠন কৰাটো প্ৰায় নিশ্চিত হৈ পৰা সময়তে বিজেপি প্ৰাৰ্থী তথা প্ৰাক্তন আৰ এছ এছ কৰ্মী বিপ্লব দেব ৰাজ্যখনৰ পৰৱৰ্তী মুখ্য মন্ত্ৰী হোৱাৰ সম্ভাৱনা প্ৰবল হৈ উঠিছে।

প্ৰাপ্ত তথ্য মতে, যদিহে বিজেপি-আই পি এফ টি মিত্ৰজোঁটে চৰকাৰ গঠন কৰে তেন্তে ত্ৰিপুৰা বিজেপিৰ সভাপতি তথা জিমকেন্দ্ৰৰ প্ৰাক্তন প্ৰশিক্ষক বিপ্লব দেব হ’ব ৰাজ্যখনৰ পৰৱৰ্তী মুখ্য মন্ত্ৰীৰ মুখ্য দাবীদাৰ।

উল্লেখ্য যে ৪৯ বছৰীয়া বিপ্লব দেব হৈছে দেশৰ ভিতৰতে কনিষ্ঠতম ৰাজ্যিক বিজেপি সভাপতি। বাওঁ শাসনাধিস্থ ত্ৰিপুৰাত তেওঁ দলটোক সম্পূৰ্ণ নতুনকৈ গঢ়ি তুলি তুলিছে বুলি কোৱা হয়।

ইলেকশ্যন কমিশ্যনৰ শেহতীয়া তথ্য মতে, ৬০ খন আসনৰ ত্ৰিপুৰা বিধানসভাৰ এতিয়ালৈকে চলি থকা ভোট গণনা অনুসৰি ত্ৰিপুৰাত বিজেপিয়ে ২৯ খন আসন লাভ কৰাৰ লগতে ৬ খনত আগবাঢ়ি আছে। ইয়াৰ বিপৰীতে আই পি এফ টিয়ে ৭ খন আসন লাভ কৰাৰ লগতে ১ খনত আগবাঢ়ি আছে।

আনহাতে, শাসনাধিস্থ চিপিআই (এম)এ ১১ টা সমষ্টিত জয়লাভ কৰাৰ বিপৰীতে ৫ টা সমষ্টিত আগবাঢ়ি আছে বুলি তথ্যটোত প্ৰকাশ পাইছে।

প্ৰাপ্ত তথ্য মতে কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে কয়, ‘একপ্ৰকাৰে সমগ্ৰ উত্তৰ-পূবে এতিয়া বিজেপিৰ হাতত। আৰম্ভণিতে, আমি ‘কংগ্ৰেছ-মুক্ত ভাৰত’ বুলি কৈছিলো, এতিয়া আমি ‘বামপন্থা মুক্ত ভাৰত’ বুলিও কব পাৰিম।’

আগৰটলাত অনুষ্ঠিত এক সংবাদ মেলক সম্বোধন কৰি বিজেপিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধবে ত্ৰিপুৰাত দলটো চৰকাৰ গঠনৰ দিশত বুলি মন্তব্য কৰে।

নিৰ্বাচনৰ ফলাফলৰ গতিধাৰাক লৈ তেওঁলোক ‘সন্তুষ্ট’ বুলি উল্লেখ কৰি তেওঁ কয়, ‘আমি অন্তিম সিদ্ধান্তলৈকে অপেক্ষা কৰিম’। এই ‘ঐতিসাহিক ৰায়দান’ত বিজেপি-আই পি এফ টি মিত্ৰজোঁটে ত্ৰিপুৰাত ৪০ খনতৈ বেছি আসন লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে যদিও কয় যে অন্তিম ফলাফল নোলোৱালৈকে কোনো সিদ্ধান্তত জঁপিয়াই পৰাটো বিবেচক নহ’ব।

তেওঁ উক্ত ফলাফলক প্ৰধান মন্ত্ৰীৰ কঠোৰ শ্ৰমৰ সাক্ষ্য বুলি মন্তব্য কৰাৰ লগতে বিজেপি সভাপতি অমিত শ্বাহৰো প্ৰশংসা কৰে।

আনহাতে নাগালেণ্ডত এন ডি পি পি- বিজেপি মিত্ৰজোঁটে ভাল প্ৰদৰ্শন কৰিছে বুলি উল্লেখ কৰি ৰাম মাধবে লগতে কয় যে মেঘালয়ত কোনো দলৰে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা নোহোৱা অৱস্থা দেখা গৈছে।