ত্ৰিপুৰা আৰু নাগালেণ্ডত আমি এখনো আসন নাপাওঁ বুলি আগতীয়াকৈ জানিছিলো : তৰুণ গগৈ

Tarun Gogoi

‘আমি বিজেপিৰ ধনবলৰ সৈতে ফেৰ মাৰিব নোৱাৰো। নিৰ্বাচন যি দলে টকা খৰচ কৰিব পাৰে সেই দলেই জিকিব। আমাৰ দলৰ খৰচ কৰিবলৈ টকা নাই। দুৰ্নীতিগ্ৰস্তৰ দল বিজেপি।’ উত্তৰ-পূবৰ তিনিখন ৰাজ্যৰ সদ্যসমাপ্ত নিৰ্বাচনৰ পিছত এইদৰে মন্তব্য কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

মেঘালয়ৰ প্ৰসংগত প্ৰাক্তন মুখ্য মন্ত্ৰীজনে কয় যে ৰাজ্যখনত কংগ্ৰেছ একক সংখ্যাগৰিষ্ঠ দল হোৱা সত্ত্বেও দলটোৱে তাতো চৰকাৰ গঠন কৰিব নোৱাৰিব পাৰে। ‘আমাৰ হাই কমাণ্ডে তিনিজন জ্যেষ্ঠ নেতাক মেঘালয়লৈ পঠাইছে, যাতে হৰ্ছ ট্ৰেডিঙৰ ঘটনা নঘটে। কিন্তু আমি শেষ পৰ্য্যন্ত বিজেপিৰ ধনবলৰ সৈতে যুঁজিব নোৱাৰিব পাৰো।’ এই তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে গগৈয়ে।

আনহাতে ত্ৰিপুৰা আৰু নাগালেণ্ড নিৰ্বাচনত দলটোৰ হতাশাজনক ফলাফল সম্পৰ্কত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে কয় যে তেওঁ আগতীয়াকৈ গম পাইছিল যে ৰাজ্য দুখনত তেওঁলোকৰ দলে এখনো আসন নাপায়। ‘মই জানিছিলোৱে ত্ৰিপুৰা আৰু নাগালেণ্ডত আমি এখনো আসন নাপাওঁ। ৰাজ্য দুখনত আমাৰ কোনো সক্ৰিয় সংগঠন নাই।’ এইদৰে কয় তেওঁ।

উল্লেখযোগ্য যে দুয়োখন ৰাজ্যতে কংগ্ৰেছ এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল।

প্ৰাক্তন মুখ্য মন্ত্ৰীজনে বিজেপিক আটাইতকৈ দুৰ্নীতিগ্ৰস্ত দল বুলি কয়। তেওঁ লগতে কয় যে নিৰ্বাচন ৰাজনৈতিক দলবোৰে খৰচ কৰিব পৰা ধনৰ এটা সীমা নিৰ্ধাৰণ হোৱা উচিত। ‘মই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাজনৈতিক দলবোৰে খৰচ কৰিব পৰা ধনৰ পৰিমাণৰ এটা সীমা নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনাইছো। বিজেপিয়ে স্বচ্ছতা (transparency)ৰ কথা কয়, কিন্তু প্ৰকৃততে এইটো হ’ল আটাইতকৈ দুৰ্নীতিগ্ৰস্ত দল। তাৰ পৰিৱৰ্তে আমাৰ নিৰ্বাচনত খৰচ কৰিবলৈ টকা নাই।’ এইদৰে কয় প্ৰাক্তন মুখ্য মন্ত্ৰীজনে।

আনহাতে তেওঁৰ এসময়ৰ প্ৰিয়পাত্ৰ ড০ হিমন্ত বিশ্ব শৰ্মায়েই উত্তৰ-পূবত  বিজেপিক এনে অৱস্থানলৈ আনিছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত কয়, ‘হিমন্তৰ নিজৰ দলেই ত্ৰিপুৰা আৰু নাগালেণ্ডৰ জয়ৰ কৃতিত্ব তেওঁক দিয়া নাই। দলটোৱে এই জয়ৰ বাবে মোদী, অমিত শ্বাহ, ৰাম মাধৱ আৰু সুনীল দেওধৰৰ নামহে হিমন্ততকৈ আগত লৈ আছে। হিমন্ত এটা নিগনিহে, বিজেপিৰ এই উত্থানৰ বাবে আচল কাৰণ অমিত শ্বাহহে।’ এইদৰে কয় গগৈয়ে।

আনহাতে গগৈয়ে আজি ৰাজীৱ ভৱনত হোৱা দলৰ কাৰ্য্যনিৰ্বাহকত সাংবাদিকক কয় যে তেওঁৰ দলে অহা পঞ্চায়ত নিৰ্বাচন আৰু পিছৰ বছৰৰ লোকসভা নিৰ্বাচনৰ কথা মনত ৰাখি দলটোক শক্তিশালী কৰাৰ সিদ্ধান্ত লৈছে।