ত্ৰিপুৰা-বাংলাদেশৰ সম্বন্ধ কেৱল কূটনৈতিক নহয় : জিষ্ণু দেৱবৰ্মন

Mujibur-birth-anniversary-570x320

আগৰতলাত থকা বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তই শনিবাৰে বংগবন্ধু শ্বেখ মজিবুৰ ৰহমানৰ ৯৯তম জন্ম বাৰ্ষিকীত বাংলাদেশৰ ৰাষ্ট্ৰীয় শিশু দিৱস উদযাপন কৰে।

ত্ৰিপুৰাৰ নৱ নিৰ্বাচিত উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱবৰ্মন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আৰু তেওঁৰ উপস্থিতিতে দেশখনৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ মাজেৰে বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়।

বাংলাদেশৰ প্ৰতিষ্ঠাতা বংগবন্ধুৰ জন্ম বাৰ্ষিকী অনুষ্ঠানত বংগবন্ধুৰ ছবিত ফুল দি শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে আগৰতলাত থকা বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত মহম্মদ শ্বাখাৱাট হুছেইন আৰু ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱবৰ্মনৰ লগতে আন বিশিষ্ট অতিথিসকলে।

অনুষ্ঠানত কেক্ কটাৰ উপৰিও শিশুসকলৰ মাজত এখন চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয় আৰু বিজয়ীসকলৰ মাজত বঁটা বিতৰণ কৰা হয়।

উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱৱৰ্মনে বংগবন্ধু শ্বেখ মজিবুৰ ৰহমানলৈ শ্ৰদ্ধা জ্ঞাপন কৰি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে ত্ৰিপুৰা আৰু বাংলাদেশৰ মাজত সম্পৰ্ক কেৱল সাংস্কৃতিক আৰু কূটনৈতিক দিশতে আৱদ্ধ নহয়।

দেৱবৰ্মনে কয় যে ত্ৰিপুৰা আৰু বাংলাদেশৰ মাজত সম্পৰ্ক কেৱল ঐতিহাসিকেই নহয় কিন্তু  অতি গুৰুত্বপূৰ্ণ আৰু লগতে ভৱিষ্যতে ব্যৱসায়িক সম্পৰ্ক উন্নত কৰাৰ প্ৰয়োজনীয়তা আছে।

তেওঁ লগতে উল্লেখ কৰে যে তেওঁ প্ৰতিনিধিত্ব কৰা ত্ৰিপুৰাৰ ৰাজ পৰিয়ালৰৰ বাংলাদেশত ভূ-সম্পত্তি আছিল।

অনুষ্ঠানত আগৰতলাৰ বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত মহম্মদ শ্বাখাৱাট হুছেইনে কয় যে শ্বেখ মজিবুৰ ৰহমানে পাকিস্তানৰ পৰা বাংলাদেশক স্বাধীন কৰাত বিশাল বৰঙণি যোগোৱাই নহয় তেওঁ দেশখনৰ বাবে আত্মবলিদানো দিছে।

বংগবন্ধু শ্বেখ মজিবুৰ ৰহমানৰ জন্ম বাৰ্ষিকী উদযাপনৰ উদ্দেশ্যে এলানি কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল।