ত্ৰিপুৰা বিজেপিৰ সভাপতিৰ নিৰ্বাচনৰ কুচকাৱাজ : তীব্ৰ প্ৰতিদ্বন্দ্বিতাত আগবাঢ়িছে ৰামপ্ৰসাদ পৌল

Tripura-BJP-nomination-570x320

ত্ৰিপুৰা বিজেপিৰ প্ৰধান কাৰ্যালয়ত দলীয় সভাপতিৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ বাবে যো-জা আৰম্ভ হৈছে। দলীয় সভাপতি প্ৰৰ্থিত্ব প্ৰয়াসীসকলৰ মাজত ইতিমধ্যে এক প্ৰতিযোগিতা আৰম্ভ হৈছে।

বৃহস্পতিবাৰে এই বিষয়লৈয়েই ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত বিজেপিৰ প্ৰধান কাৰ্যালয়ত মাৰাথন সভা অনুস্থিত হয়।এই সভাখনত কেন্দ্ৰীয় পৰ্যৱেক্ষক সুনীল দেওধৰকে ধৰি দলটোৰ গুৰুত্বপূৰ্ণ পদাধিকাৰীসকল উপস্থিত আছিল।

অৱশ্যে কেৰেলাৰ উপ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাজ্যখনলৈ দুদিনীয়া ভ্ৰমণত যোৱা ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেব লএই সভাখনত উপস্থিত নাছিল।

সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, দলীয় সভাপতিৰ বাবে বহুকেইটা নাম উচ্চাৰিত হৈছে যদিও তালিকাৰ শীৰ্ষত থকা নামকেইটা হৈছে সুবল ভৌমিক, প্ৰতিমা ভৌমিক, ৰাজীব ভট্টাচাৰ্যি আৰু ৰামপ্ৰসাদ পৌল।

সুবল ভৌমিক দলটোৰ বৰ্তমান কাৰ্যনিৰ্বাহকাৰী উপ সভাপতি হোৱা বাবে তেওঁৰ সৰ্বাধিক সম্ভৱনা আছিল যদিও তেওঁক সোণামূৰা সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পাছত এখন সংবাদ মেল আহ্বান কৰি সেইটো সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ অস্বীকাৰ কৰিছিল। কিন্তু বিজেপিৰ শীৰ্ষ নেতৃত্বৰ পৰা তেওঁৰ ওপৰত চাপ সৃষ্টি কৰাৰ পাছত এতিয়া নিজৰ স্থিতি সলনি কৰিছে। সম্ভৱত ইয়াকে নকৰিলে দলীয় অনুশাসন ভংগ কৰাৰ অপৰাধত তেওঁক নিলম্বিত কৰাৰ তথা অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ শংকাত তেওঁ নইজৰ মত সলাইছিল।

সুবল ভৌমিকৰ চকু আছিল বনমালীপুৰ সমষ্টিটোত। এই  সমষ্টিটোৰ পৰা বিপ্লব কুমাৰ দেবৰ নাম ঘোষণা কৰা হৈছিল আৰু তাৰ বাবে দুয়োৰে মাজৰ সম্পৰ্ক কিছু পৰিমাণে তিক্ত হৈ পৰিছিল।

আনহাতে ৰাজীব ভট্টাচাৰ্যি হৈছে সাংগঠনিক সম্পাদক কিন্তু সূত্ৰটোৱে দাবী কৰা মতে দলটোৰ ভিতৰত তেওঁক সমৰ্থন কৰা দলীয় কৰ্মী কম।

আন এগৰাকী প্ৰৰ্থী হৈছে প্ৰতিমা ভৌমিক। তেওঁ ধানপুৰ সমষ্টিৰ পৰা ভূতপূৰ্ব মুখ্য মন্ত্ৰী মাণিক সৰকাৰৰ বিপক্ষে প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল। মাইক সৰকাৰ চাৰিটা কাৰ্যকালৰ বাবে মনোনীত হৈছিল।

এগৰাকী কঠোৰ নেত্ৰী প্ৰতিভা ভৌমিকক বৰ্তমান মহিলা কোষটোৰ অধিক সংখ্যক দলীয় কৰ্মীয়ে পচণ্ড নকৰে বুলি জানিব পৰা গৈছে।

ইয়াৰ বিপৰীতে ৰামপ্ৰসাদ পৌলৰ সম্ভাৱনা আটাইতকৈ অধিক, যিহেতু তেওঁ তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বীগৰাকীয়ে ১৩টা ভোটৰ বিপাৰীতে ২৭টা ভোট লাভ কৰি ত্ৰিপুৰা বিজেপিৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল যদিও দলৰ ৰিটাৰ্নিং বিষয়া সুৰেশ পূজাৰীৰ অনুৰোধত তৎক্ষণাত পদৱীটো তেওঁ কেন্দ্ৰীয় নেতৃত্বৰ পচণ্ডৰ বিপ্লব কুমাৰ দেবলৈ হস্তান্তৰিত কৰিছিল।

দলীয় সূত্ৰত প্ৰকাশ যে দলৰ স্বাৰ্থৰ বাবে তেওঁ কৰা স্বাৰ্থ ত্যাগৰ বাবে দলে ৰামপ্ৰসাদ পৌলক ন্মানিত কৰিব। ৰাম মাধব, অজয় জম্বুৱাল আৰু ৰামলালকে ধৰি বিজেপিৰ শীৰ্ষ নেতৃত্বই জনাইছে যে তেওঁক কেবিনেটত এটা দপ্তৰ প্ৰদান কৰা হৈছিল যদিও তেওঁ দলীয় কৰ্মী হিচাপে থকাটোকে পচণ্ড কৰে।