থলুৱাক আক্ৰমণ কৰিবলৈ লাখ লাখ অবৈধ হিন্দু বাংলাদেশী অস্ত্ৰ-শস্ত্ৰ লৈ সাজু হৈ আছে : প্ৰৰোচনামূলক মন্তব্য মতিউৰ ৰহমানৰ

অসম সন্মিলীত মহাসংঘৰ কাৰ্য্যকৰী সভাপতি মতিউৰ ৰহমানৰ সংবাদমেল। ফটো : য়ু বি।

নিজকে অসমৰ খিলঞ্জীয়া লোকৰ ৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ হ’ব খোজা বহুতেই এতিয়া যিহকে তিহকে ক’বলৈ আৰম্ভ কৰিছে। চৰ্চাত থাকিব খোজাৰ প্ৰৱণতাও বাঢ়িছে এইসকল নেতাৰ।

আজিও তেনেকুৱা এটা ঘটনাৰ সাক্ষী হ’ল সাংবাদিকসকল। আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি থাকোতে নিজৰ নিষ্ফল ক্ষোভ প্ৰকাশ কৰিবলৈ গৈ অসম সন্মিলীত মহাসংঘৰ কাৰ্য্যকৰী সভাপতি মতিউৰ ৰহমান নামৰ নেতাজনে ৰাজ্যৰ বুদ্ধিজীৱী সমাজক অশালীন ভাষাৰে আক্ৰমণ কৰে।

সংবাদমেলত অসমীয়া ভাষাটোৰ সুৰক্ষাৰ কথা ক’বলৈ গৈয়ে ৰহমানে আজি অসমৰ জনগোষ্ঠীয় লোকসকলে লোৱা ভূমিকাৰ শলাগ লোৱাৰ বিপৰীতে bloody fool intellectual বিলাকে ফাল্টু কথা কৈ আছে বুলি কয়। তেওঁলোকে কি কৰি আছে বুলিও প্ৰশ্ন উত্থাপন কৰে ৰহমানে।

“জনগোষ্ঠীয় লোকসকলেহে অসমীয়া ভাষাক সুৰক্ষা দি ৰাখিছে। কোনোবাই আহি মই অসমীয়া, মই অছমীয়া বুলি ক’লেই অসমীয়া হৈ নাযায়।” এইদৰে কয় ৰহমানে।

তেওঁ আকৌ কয়, “অসমীয়া ভাষাটো ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীয় লোকৰ মাজত যোগাযোগৰ মাধ্যম। তেওঁলোকেহে ভাল অসমীয়া কয়।”

তাৎপৰ্য্যপূৰ্ণভাৱে সংবাদমেলত মতিউৰ ৰহমানে প্ৰৰোচনামূলক বক্তব্য দি কয় যে ১৯৭১ চনৰ ভিত্তিত ৰাজ্যৰ কিছুমান ঠাইত লাখ লাখ অবৈধ হিন্দু বাংলাদেশী অসমৰ থলুৱা মানুহক আক্ৰমণ কৰিবলৈ অস্ত্ৰ-শস্ত্ৰ লৈ সাজু হৈ আছে।

কিন্তু মন কৰিব লগীয়া যে সাংবাদিকে বিচৰা সত্ত্বেও এই দাবীৰ সপক্ষে তেওঁ কোনো তথ্যপ্ৰমাণ দাখিল কৰিব নোৱাৰিলে। তেওঁ মাত্ৰ কয়, “আমাৰ হাতত গোটেই ৰাজ্যৰ বিভিন্ন উৎসৰ পৰা পোৱা প্ৰমাণ আছে। আমি ইতিপূৰ্বে এই সম্পৰ্কত আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক পল্লৱ ভট্টাচাৰ্য্যক লিখিতভাৱে জনাইছো।”

আনহাতে মহাসংঘই উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন হস্তক্ষেপ আবেদনৰ প্ৰতি শীৰ্ষতম আদালতখনৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই চূড়ান্ত অৱহেলা কৰা বুলিও অভিযোগ আনে। তেওঁ কয় যে যোৱা ৫ ফেব্ৰুৱাৰিত মহাসংঘৰ ১১৪৭০৮ নম্বৰৰ আৱেদনখনৰ শুনানি লৈ দীপক মিশ্ৰই ইয়াৰ বাবে সাংবিধানিক বিচাৰপীঠ গঠন কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও দুমাহ পৰ্য্যন্ত সেয়া নকৰিলে। তাৰ পিছত যোৱা ১২ এপ্ৰিলত মহাসংঘই মুকলিকৈ মৌখিকভাৱে আদালতত বিষয়টো উত্থাপন কৰাত ন্যায়াধীশজনে গ্ৰীষ্ম বন্ধৰ আগে আগে গঠন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যদিও এইবাৰো সেয়া নকৰিলে বুলি জানিবলৈ দিয়ে।

মন কৰিব লগীয়া যে মহাসংঘৰ গোচৰৰ সমৰ্থনত ৫ ফেব্ৰুৱাৰিত ১০টা জনগোষ্ঠীয় সংগঠনে আৰু ৮ মাৰ্চত ২৬টা খিলঞ্জীয়া সংগঠনে মুখ্য ন্যায়াধীশক শীঘ্ৰে সাংবিধানিক বিচাৰপীঠ গঠন কৰিবলৈ আৱেদন জনাইছিল।

আন কেইটামান দল-সংগঠন, ক্ৰমে সদৌ অসম আহোম সভা (আবেদন নং ৮৭৬/২০১৪), অসম আন্দোলনৰ চহিদ আৰু নিৰ্য্যাতিত লোকৰ পৰিয়াল (আবেদন নং ৩১১/২০১৫) আৰু মহাসংঘৰ নেতৃত্বৰ ৮গৰাকী লোকৰ দলেও (আবেদন নং ৬৮/২০১৬) বিষয়টোত সাংবিধানিক বিচাৰপীঠ গঠন কৰিবলৈ আৱেদন জনাইছিল।

উল্লেখযোগ্য যে মহাসংঘই দিয়া আবেদনখনত অসমত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত নাগৰিকত্ব নিৰ্ধাৰণৰ বাবে ১৯৫১ চনক ভিত্তি হিচাপে ল’বৰ বাবে অনুৰোধ কৰা হৈছে আৰু সেইটো কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচৰা হৈছে।

সংবাদমেলৰ সময়ত ৰহমানে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰো সমালোচনাত মুখৰ হৈ পৰে। সকলো ৰাজনৈতিক দলৰ নেতাসকলেই কেন্দ্ৰৰ দাস হৈ পৰিছে বুলি তেওঁ সংবাদমেলত মন্তব্য কৰে। ৰাজ্য চৰকাৰখনে সকলো ক্ষেত্ৰতে কেন্দ্ৰৰ পৰা ভিক্ষা খুজি থাকিব লগীয়া হৈছে বুলি তেওঁ অভিযোগ কৰে। তেওঁ ‘জাতীয় নায়ক’ সৰ্বানন্দ সোণোৱালকো কটাক্ষ কৰে।