থলুৱাক বঞ্চনাৰ প্ৰতিবাদত অনিৰ্দিষ্টকালৰ বাবে নাজিৰাৰ অ’এনজিচিৰ কাম-কাজ বন্ধ কৰিলে যৌথ সংগ্ৰামী মঞ্চই

প্ৰতিনিধিত্বমূলক ছবি

শিৱসাগৰ জিলাৰ ২০ টাতকৈ অধিক সংগঠনৰ উমৈহতীয়া মঞ্চ যৌথ সংগ্ৰামী মঞ্চই আহ্বান জনোৱা বন্ধত আজি স্তব্ধ হৈ পৰে নাজিৰাৰ অ’এনজিচিৰ কাম-কাজ। থলুৱা নিৱনুৱাক কৰা প্ৰতাৰণাৰ প্ৰতিবাদতে যৌথ সংগ্ৰামী মঞ্চই আজি পুৱা ৫ বজাৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে অ’এনজিচিৰ কাম-কাজ বন্ধ ঘোষণা কৰে।

প্ৰতিবাদকাৰী সকলে আজিৰ বন্ধৰ কাৰ্যসূচীত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অ’এনজিচিৰ সকলো যান-বাহন চলাচল বন্ধ কৰি দিয়ে। অ’এনজিচিৰ অসম সম্পদৰ সকলো তৈলক্ষেত্ৰৰ খনন উৎপাদনৰ কাম প্ৰতিবাদকাৰী সকলে বন্ধ কৰি দিছে ।

উল্লেখযোগ্য যে যোৱা ১০ মে’ত অ’এনজিচিৰ মেটেৰিয়েল মেনেজমেণ্টে এক নিবিদাৰ জৰিয়তে ৩৯২ খন সৰু-বৰ গাড়ীৰ নিবিদা আহ্বান কৰিছিল। কিন্তু অ’এজিচিয়ে নিবিদাত আৰোপ কৰা চৰ্তাৱলী সমূহ কঠোৰ হোৱাৰ বাবে অঞ্চলটোৰ শিক্ষিত নিবনুৱাৰ নিবিদাত অংশ গ্ৰহণ কৰাতো সম্ভৱ নাছিল।

ফলত শিৱসাগৰৰ ২০ টাতকৈ অধিক সংগঠনৰ একত্ৰ যৌথ সংগ্ৰামী মঞ্চই অ’এনজিচি কৰ্তৃপক্ষক নিবিদাৰ চৰ্তাৱলী সংশোধনৰ দাবী জনাইছিল। কিন্তু অ’এনজিচি কৰ্তৃপক্ষই এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত পুনৰ ১৫ মে’ত এক সংবাদমেল যোগে অ’এনজিচি বন্ধৰ হংকাৰ দিছিল। কিন্তু ইয়াৰ পিছতো অ’এনজিচি কৰ্তৃপক্ষই দল-সংগঠনৰ দাবীৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে।

অৱশেষত যৌথ সংগ্ৰামী মঞ্চই আজি পুৱা ৫ বজাৰ পৰা অনিৰ্দিষ্টকালৰ বাবে অ’এনজিচিৰ কাম-কাজ বন্ধ ঘোষণা কৰে। লগতে অ’এনজিচিৰ সকলো যান-বাহনো বন্ধ কৰি দিয়ে।