থানাই চাহ-বাগিচাত নিচাবিৰোধী সজাগতা সভা

থানাই চাহ বাগিচা

ডিব্ৰুগড় জিলাৰ ৰহমৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত থানাই চাহ বাগিচাত আজি অসম চাহ মজদুৰ সংঘৰ ডিব্ৰুগড় শাখা আৰু আটছাৰ উদ্যোগত এখন নিচাবিৰোধী সজাগতা সভা অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলাৰ উপায়ুক্ত লয়া মাদুৰীয়ে সভাখনত অংশ গ্ৰহণ কৰি চাহ-শ্ৰমিক সম্প্ৰদায়ৰ মহিলা সকলে চুলাই মদ বা আন নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে ওলাই অহা কাৰ্যক আদৰণি জনায়। ইয়াৰোপৰি উপায়ুক্ত গৰাকীয়ে চুলাই মদৰ ব্যৱসায়ী সকলক উক্ত ব্যৱসায় পৰিহাৰ কৰিবলৈ আহ্বান জনাই কয় যে চুলাই মদৰ সলনি জীৱিকাৰ বাবে  বিকল্প পথৰ সন্ধান কৰা উচিত। তেওঁ এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি উপস্থিত লোকসকলক উক্ত আঁচনি সমূহৰ সুবিধা গ্ৰহণৰ জৰিয়তে কুকুৰা পালন, গাহৰি পালন বা আন কৃষিকাৰ্যত মনোনিৱেশ কৰিবলৈ  আহ্বান জনায়। আনহাতে প্ৰধানমন্ত্ৰীৰ দক্ষতা বিকাশ যোজনাৰ অধীনত বহু নিবনুৱা যুৱক-যুৱতীক বিভিন্ন দিশত যেনে চিলাই, নাৰ্ছিং, ড্ৰাইভিং আদিত প্ৰশিক্ষণ প্ৰদান কৰি নিয়োগৰ সুবিধা প্ৰদানৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলি সভাখনত উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে। অসম চাহ মজদুৰ সংঘৰ ডিব্ৰুগড় শাখাৰ গানণিক বিষয়া জিতেন কৰ্মকাৰে আতঁ ধৰা নিচাবিৰোধী সজাগতা সভাখনত আটছা অবিভক্ত ডিব্ৰুগড় শাখাৰ সভাপতি লক্ষীৰাম ৰাজগড় , এ চি এম এছৰ ডিব্ৰুগড় শাখাৰ সম্পাদক নবীন কেওঁট, আটছাৰ লাহোৱাল শাখা সম্পাদক হেমন্ত কুজু , চাহ-জনগোষ্ঠীয় জাতীয় মহাসভাৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক মণ্টু ৰবিদাসকে মুখ্য কৰি কেইবাগৰাকী নেতৃস্থানীয় ব্যক্তি উপস্থিত থাকে। আনহাতে সজাগতা সভাখনৰ আৰম্ভণীতে মদ তথা জুৱা খেলৰ বিৰুদ্ধে জন সজাগতা সৃষ্টিৰ লক্ষ্যৰে এক বিশাল শোভাযাত্ৰা বাহিৰ কৰা হয়।