দক্ষিণ-পূব এছিয়ালৈ ৰেহাই হাৰত বিমানসেৱা আগবঢ়োৱাৰ পৰিকল্পনা অসম চৰকাৰৰ

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ

গুৱাহাটীৰ পৰা দক্ষিণ-পূব এছিয়ালৈ ভ্ৰমণৰ বাবে যাব বিচৰা যাত্ৰীসকলে ৰেহাই হাৰত বিমান সেৱাৰ সুবিধা লাভ কৰিব। অসম চৰকাৰে বিমানৰ ভাড়াত ৰাজসাহায্য আগবঢ়োৱাৰ এক প্ৰস্তাৱ প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে।

কেন্দ্ৰীয় চৰকাৰে দক্ষিণ–পূব এছিয়াৰ কোনো স্থানলৈ অসমৰ মহানগৰখনৰ পৰা ভ্ৰমণ কৰিব বিচৰা যাত্ৰীসকলৰ বাবে এখন ৰাজসাহায্য প্ৰদান আঁচনি আৰম্ভ কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰা অনুৰোধ কেন্দ্ৰীয় চৰকাৰে বিবেচনা কৰি আছে। অসামৰিক পৰিবহন বিভাগৰ সচিব আৰ এন চৌবেৰ উদ্ধৃতিৰে ইক’নমিক টাইমছে এই বাতৰি প্ৰকাশ কৰিছে।

অসম চৰকাৰে তিনি বছৰৰ বাবে ১০০ কোটি টকা ধাৰ্য কৰি ৰাজসাহায্য বিধেয়ক আনিব বিচাৰিছে যিয়ে এক আন্তৰ্জাতিক ভ্ৰমণ কেন্দ্ৰৰ লগতে উচ্চ অৰ্থনৈতিক কাৰ্যকলাপৰ পৰা উপকৃত হোৱাৰ পৰিৱেশ ৰচনা কৰিব।

আঁচনিখনৰ সৱিশেষ এতিয়াও প্ৰস্তুত হোৱা নাই যদিও মোডী চৰকাৰৰ উড়ান নামৰ আঞ্চলিক সংযোগীকৰণ আঁচনিৰ দৰেই হ’ব ইয়াৰ বৈশিষ্ট্যসমূহ। ইয়াৰ দ্বাৰা সাধাৰণ মানুহকো উৰণৰ সুবিধা আগবঢ়াব বিচৰা হৈছে। আঁচনিখন স্থানীয় বিমানসেৱাতে সীমাবদ্ধ থাকিব যদিও ভাৰতীয় আৰু বিদেশী নাগৰিকৰ বাবেও ই মুকলি থাকিব।

ৰাজ্য চৰকাৰৰ পৰা আনুষ্ঠানিক নিশ্চিতি লাভ কৰাৰ পিছতে আঁচনিখনৰ সবিশেষ চূড়ান্ত কৰা হ’ব।

মুখ্যমন্ত্ৰী সোণোৱালে ৰাজ্যখনত বিমানসেৱা উন্নত কৰাৰ বাবে অতি আগ্ৰহী। আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ লগতে অন্যান্য ভ্ৰমণকাৰী, বিশেষকৈ দক্ষিণ-পূব এছিয়া আৰু দেশৰ বাকী অংশৰ পৰ্যটকক উত্তৰ পূৰ্বাঞ্চললৈ আকৰ্ষণৰ ই এক প্ৰচেষ্টা।