দলিত আৰু পিছপৰা শ্রেণীৰ ওপৰত চৰকাৰী বাহিনীৰ নিৰ্যাতনৰ প্ৰতিবাদত শিৱসাগৰত কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট

Protest

প্ৰতিনিধিত্বমূলক চিত্ৰ

দেশৰ দলিত আৰু পিছপৰা জাতি-জনজাতিৰ লোকসকলৰ উপৰত চৰকাৰী বাহিনীয়ে চলোৱা নিৰ্যাতনৰ প্ৰতিবাদত ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে শিৱসাগৰতো কংগ্ৰেছে ৮ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কংগ্ৰেছে এছ চি  আৰু এছ টি কমিচন দুৰ্বল কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ তীব্র বিৰোধিতা কৰাৰ লগতে যোৱা ২ এপ্ৰিলত দেশৰ দলিত সংগঠন সমূহে আহ্বান জনোৱা ভাৰত বন্ধৰ সময়ত চৰকাৰী বাহিনীয়ে বন্ধ সমৰ্থক সকলক চলোৱা নিৰ্যাতনক কঠোৰ ভাষাৰে সমালোচনা কৰে।

ইয়াৰ উপৰি কংগ্ৰেছে বিজেপিৰ বিভিন্ন নীতি সমূহৰো সমালোচনা কৰে। আজিৰ এই কাৰ্যসূচীত জিলা কংগ্ৰেছৰ সভাপতি সুশান্ত বৰগোহাঁইৰ লগতে দলটোৰ ভালে সংখ্যক দলীয় নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে যোৱা দুই এপ্ৰিলত সমগ্র ভাৰতব্যাপী জনজাতি সংগঠন সমূহে আহ্বান জনোৱা ভাৰত বন্ধৰ সময়ছোৱাত বিজেপি শাসিত ৰাজ্য সমূহত ব্যাপক হিংসা সংঘটিত হৈ কেইবাজনো লোকে প্ৰাণ হেৰুৱাৰ উপৰি এশৰো অধিক লোক আঘাতপ্ৰাপ্ত হোৱা কাৰ্যক গৰিহণা জনাই আজি কংগ্ৰেছে ৰাজ্যৰ প্ৰত্যেক জিলাতে ৮ ঘণ্টীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰে।

আনহাতে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমুখত আজি আহোম জাতীয় গণ মঞ্চই অসমক এখন জনজাতীয় ৰাজ্যৰ মৰ্য্যাদা দিয়াৰ লগতে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।