দল বিৰোধী কাৰ্যত লিপ্ত ৯জন সদস্যক ছিকিম বিজেপি দলৰ পৰা বহিষ্কাৰ

Sikkim-BJP

ভাৰতীয় জনতা পাৰ্টীৰ ছিকিম ৰাজ্যিক শাখাই বৃহস্পতিবাৰে দল বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত ৯ জন কাৰ্যকৰ্তাক দলৰ পৰা বহিষ্কাৰ কৰে।

ছিকিম ৰাজ্যিক বিজেপিৰ সভাপতি ডি বি চৌহানে কালি এখন সংবাদমেলৰ জৰিয়তে জানিবলৈ দি কয় যে দলীয় অনুশাসন ভংগ কৰাৰ অপৰাধতে এই ৯ গৰাকী সদস্যক ছয় বছৰৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰা হয়।

উল্লেখ্য যে যোৱা ২৯ জানুৱাৰিতে ছিংটমস্থিত বিজেপি কাৰ্যালয়ত এই ৯গৰাকী সদস্যই নিজ দলৰে আন সদস্যৰ ওপৰত বৰ্বৰতাৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। আৰু এই অভিযোগৰ ভিত্তিতে কালি সদস্য কেইগৰাকীক দলৰ পৰা বহিষ্কাৰ কৰা হয় বুলি জনায় ৰাজ্যিক সভাপতি চৌহানে।

ৰাজ্যিক বিজেপিয়ে দলৰ পৰা বহিষ্কাৰ কৰা সদস্য কেইজন ক্ৰমে এল আৰ গুৰুং, এলি ৰায় পল, লাকপা ছেৰপা, দাৱা গুৰুং, কুংগা ভূটীয়া, অদীপ ছেৰপা আৰু অমৰ সিং ছুনাৰ।

‘অনুশাসন বজাই ৰখাটো আমাৰ দলৰ প্ৰধান বৈশিষ্ট্য। অনুশাসন ভংগ কৰা কাৰ্যক আমাৰ দলে কোনো পধ্যেই মানি নলয়’, বৃহস্পতিবাৰে ছিকিমৰ গেংটকত আয়োজিত সংবাদমেলৰ জৰিয়তে এনেদৰে মন্তব্য কৰে চৌহানে।

সভাপতিগৰাকীয়ে পুনৰ কয়, ‘দলৰ ভিতৰ আৰু বাহিৰ চৰাত দলীয় বিৰোধী কাৰ্যত লিপ্ত হোৱা সদস্য সকলৰ বাবে এই বহিষ্কাৰৰ সিদ্ধান্তই এটা শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব’।

উল্লেখযোগ্য যে দলীয় অনুশাসন ভংগ কৰা সদস্যকেইজনৰ বিষয়ে ৰাজ্যিক সমিতিয়ে কেন্দ্ৰীয় নেত্ৰীবৃন্দক অৱগত কৰোৱাই আৰু কেন্দ্ৰীয় নেত্ৰীত্বই আদেশ দিয়াৰ পাছতেই তেওঁলোকক বহিষ্কাৰ কৰা হয়।