দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱত সন্মানিত দেৱজিত কলিতাৰ তথ্যচিত্ৰ

WhatsApp Image 2018-03-18 at 2.05.13 PM

ইউ চি কে প্ৰডাক্‌শ্যনৰ বেনাৰত দেৱজিত কলিতাৰ প্ৰযোজনা আৰু পৰিচালনাত নিৰ্মিত ‘ইউনিটি, দিগনিটি এণ্ড ব্ৰাদাৰহুদ-পীপ্‌ল অব্‌ আছাম এণ্ড পাঞ্জাৱ’ নামৰ তথ্যচিত্ৰখনে নতুন দিল্লীত অষ্টম দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱত (অনাৰেবল জুৰী মেনশ্যন) বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

তথ্যচিত্ৰখনত পৰিচালক কলিতাই ১৫০৫ শতিকাত সুদূৰ পাঞ্জাৱৰ পৰা প্ৰথম শিখ গুৰুনানক অসমলৈ আহি শান্তি আৰু সম্প্ৰীতিৰ বাণী প্ৰচাৰ কৰাৰ লগতে অসমৰ জাতীয় জীৱনৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগত ধুবুৰীত মিলিত হোৱাৰ বিষয়টো প্ৰদৰ্শন কৰিছে।

ইয়াৰ ১০০ বছৰ পাছত নৱম শিখগুৰু টেগবাহাদুৰে মোগল আৰু আহোম সেনাৰ মাজত শান্তিৰ চুক্তি স্বাক্ষৰ কৰাইছিল আৰু হাদিৰাচকী ৰণৰ পাছত পাঞ্জাৱৰ পৰা অহা শিখ সৈনিকসকলে ঘৰলৈ উভতি নগৈ ব্ৰহ্মপুত্ৰৰে উজাই গৈ বৰকোলা আৰু চাপৰমুখত স্থায়ীভাৱে থাকিবলৈ লয়।

এই শিখসকলে স্থানীয় অসমীয়া সমাজৰ লগত মিলিজুলি কেনেদৰে এখন নতুন অসম গঢ়াৰ পথত অগ্ৰসৰ হয় তাকেই এই তথ্যচিত্ৰখনত দেখুৱাবৰ যত্ন কৰা হৈছে।

তথ্যচিত্ৰখনৰ প্ৰদৰ্শনৰ সময়ত উপস্থিত দৰ্শকসকলে অসমীয়া শিখসকলে অসমীয়া জাতি গঠনৰ বাবে কৰা অৱদানক শ্ৰদ্ধাৰে সোঁৱৰে। অসমীয়া জাতীয় জীৱনৰ এটি অতি গুৰুত্বপূৰ্ণ সময়ৰ ইতিহাসৰ ছবি সফলভাৱে দাঙি ধৰা দেবজিত কলিতাৰ এই প্ৰচেষ্টাক সকলোৱে প্ৰশংসা কৰিছে।