NORTHEAST NOW (Assamese)

দিখৌমুখত সাংবাদিক কমলা শইকীয়াৰ আৱক্ষ মূৰ্তি উন্মোচন

April 22, 2018 11:00 pm · এন ই নাও নিউজ

১৯৯১ চনত আলফাৰ গুলীত নিহত স্পষ্টবাদী তথা নিৰ্ভীক সাংবাদিক কমলা শইকীয়াৰ আৱক্ষ মূৰ্তি আজি তেওঁৰ গুণমুগ্ধ লোকৰ উপস্থিতিত জন্মস্থান দিখৌমুখ ভৰলুৱা তিনি আলিত উন্মোচন কৰা কয়।

দিখৌমুখ আঞ্চলিক ছাত্ৰ সন্থা আৰু দিখৌমুখ প্ৰেছ ক্লাৱৰ উদ্যোগত দিখৌমুখৰ ভৰলুৱাৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত স্থাপন কৰা আৱক্ষ মূৰ্তিটো নিৰ্মাণ কৰি উলিয়াই বিশিষ্ট শিল্পী বিৰেণ সিংহই।

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰবীণ সাংবাদিক কনকসেন ডেকাই কৰা আৱক্ষ মূৰ্তি উন্মোচনী অনুষ্ঠানটোত ৰাজ্যৰ বহুকেইগৰাকী বিশিষ্ট সাংবাদিকৰ লগতে কেইবাগৰাকী গন্য-মান্য ব্যক্তি উপস্থিত আছিল।

উল্লেখযোগ্য যে ১৯৯১ চনৰ ৯ আগষ্টত আলফাই হত্যা কৰা সাংবাদিক কমলা শইকীয়াৰ মৃত্যুৰ ২৭টা বছৰ পাৰ হৈ যোৱাৰ পাছতো আজি পৰ্যন্ত হত্যাকাৰীক ধৰা পেলাব নোৱাৰা কথাটোত সভাত উপস্থিত বক্তাসকলে আক্ষেপ প্ৰকাশ কৰে।

Related News