NORTHEAST NOW (Assamese)

দিখৌৰ দুৰ্ঘটনা : তীব্ৰ সোঁত আৰু ঘোলা পানীয়ে সমস্যাত পেলাইছে ডুবাৰুক

September 3, 2018 8:47 pm · অনিৰ্বাণ পাঠক
অভিযানকাৰী দলে দিখৌত ডুব যোৱাসকলৰ শুংসূত্ৰ উলিয়াবলৈ অহৰহ চেষ্টা কৰি থকা দৃশ্য, সোমবাৰে। ফটো : য়ু বি।

দুটা দিন সম্পূৰ্ণ অতিক্ৰম কৰাৰ পাছতো উদ্ধাৰ হোৱা নাই গাড়ীসহ দিখৌ নৈত ডুব যোৱা হৰেন বৰাৰ দুৰ্ভগীয়া পৰিয়ালটো। ইতিমধ্যে এছ ডি আৰ এফ, এন ডি আৰ এফৰ জোৱান আৰু ডুবাৰুৱে নেৰা-নেপেৰা চেষ্টা চলাই আছে যদিও এতিয়াও কোনো শুংসূত্ৰ পোৱা নাই পৰিয়ালটোৰ।

ইপিনে, দিখৌ নৈৰ অতিপাত সোঁত আৰু পানী ঘোলা পানীয়ে উদ্ধাৰ অভিযানত সমস্যাৰ সৃষ্টি কৰিছে। গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে অগ্নি আৰু আপদকালীন সেৱা বিভাগৰ সঞ্চালক তথা অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।

তেওঁ কয়, “এতিয়া বাৰিষাৰ বতৰ হোৱা বাবে নদীখনৰ পানী বোকাময় হৈ আছে। তাৰ ফলত ডুবাৰুসকলে পানীৰ তললৈ গৈ চকুৰে একো নমনা হৈ যায়। তেওঁলোকে হাত-ভৰিৰে বিচাৰি চাবলগীয়া হোৱা বুলি মোক জনাইছে। পানী ঘোলা হোৱাৰ বাবেই পানীৰ তললৈ পঠোৱা কেমেৰাতো একো স্পষ্টকৈ ধৰা নপৰে।”

ইয়াৰ উপৰি নদীখনৰ পানীৰ সোঁত অতি খৰ হোৱা বাবে তলত কেমেৰাৰে ফটো লোৱাটোত অসুবিধা হোৱা বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ কয় যে পানীৰ সোঁতে কেমেৰা নিৰ্দিষ্ট স্থানৰ পৰা উটুৱাই লৈ যায়।

সংবাদমেলত অগ্নি আৰু আপদকালীন সেৱা বিভাগৰ সঞ্চালক তথা অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত। ফটো : য়ু বি।

ইপিনে নদীৰ তলিখনত থকা গভীৰ গাঁত (cave)-অৰ বাবে অভিযান চলাবলৈ Ground Penetration Rader নামৰ যন্ত্ৰটোৰ প্ৰয়োজন হৈছে যদিও অসমৰ আপদকালীন সেৱা বিভাগত নাই এই যন্ত্ৰ।

“আমাক জলসম্পদ বিভাগৰ গৱেষণা আৰু উন্নয়ন শাখাই জানিবলৈ দিয়া মতে দিখৌ নদীৰ মাজত যথেষ্ট এনেকুৱা ফাট আছে। কোনো কোনো অংশত এই ফাটবোৰ বহুত ডাঙৰ। গতিকে এই ফাটত যদি সোমাই যায় আৰু বোকা বালিয়ে পুতি পেলায় তেতিয়া তাক বিচাৰি উলিয়াবলৈ Ground Penetration Rader-ৰ প্ৰয়োজন হ’ব।”

অৱশ্যে ইয়াৰ বাবে নৌসেনাৰ লগত যোগাযোগ কৰা হৈছে বুলি জানিবলৈ দি তেওঁ ইতিমধ্যে অসম আহি পোৱা নৌ সেনাৰ দলটোৱে উন্নত মানৰ যন্ত্ৰ-পাতি লৈ অহা বুলি জানিবলৈ দিয়ে।

দুৰ্ঘটনাত পতিতসকলৰ শুংসূত্ৰ উলিওৱাৰ বাবে বৰ্তমান এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু সেনাৰ ৩২জন ডুবাৰু, ১০খন নাও আৰু অভ্যন্তৰীণ জলপৰিবহণৰ দুখন নাৱে অভিযান চলাই থকা বুলি জানিবলৈ দিয়ে। লগতে এই অভিযানত এন ডি আৰ এফ, এছ ডি আৰ এফ, সেনাবাহিনী, অসামৰিক প্ৰতিৰক্ষাৰ সৰ্বমুঠ ১০০জন জোৱান নিয়োজিত হৈ আছে বুলি তেওঁ প্ৰকাশ কৰে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতি মুহূৰ্ততে উদ্ধাৰ অভিযানৰ খবৰ ৰখা বুলি জানিবলৈ দি অসম চৰকাৰে প্ৰধান মন্ত্ৰী কাৰ্যালয় আৰু গৃহ মন্ত্ৰ্যালয়ৰ যোগোদি ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ লগত যোগাযোগ কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ কথা তেওঁ কয়।

Related News