দিচপুৰত ধৰ্ণাত বহিল সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থা : অসমত মাদ্ৰাছা বিশ্ববিদ্যালয় স্থাপনৰ দাবী

AMSA

সৰ্বানন্দ সোণোৱাল চৰকাৰৰ বাজেট অধিৱেশন চলি থকাৰ সময়তে আজি সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাই দিচপুৰ লাষ্টগেইটত বিভিন্ন দাবী উত্থাপন কৰি অৱস্থান ধৰ্মঘট কৰে। সংগঠনটোৰ নেতৃবৃন্দই অসমত এখন মাদ্ৰাছা বিশ্ববিদ্যালয় স্থাপনকে ধৰি ৮টা দাবীৰে এই অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী হাতত লোৱা বুলি সংগঠনটোৰ পৰা এন ই নাওক জনায়।

তেওঁলোকে মাদ্ৰাছাসমূহক প্ৰাদেশিকীকৰণ, মাদ্ৰাছাৰ খালী পদসমূহত নিযুক্ত, মাদ্ৰাছা ব’ৰ্ডৰ সঞ্চালক নিযুক্তি, কামৰূপ জিলা আমছাৰ সাধাৰণ সম্পাদক বাহাৰ আলীৰ হত্যাকাণ্ডৰ চি বি আই তদন্তৰ দাবী, মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীসকলক হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হ’লে আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা, মাদ্ৰাছাসমূহৰ বাৰ্ষিক আলোচনী প্ৰকাশৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা আৰু মাদ্ৰাছাৰ সাপ্তাহিক ছুটীৰ দিন শুক্ৰবাৰ ধাৰ্য্য কৰাৰ দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

সংগঠনটোৰ সদস্যসকলে হাতে-হাতে প্লে-কাৰ্ড লৈ সৰ্বানন্দ সোণোৱাল হুচিয়াৰ, ড০ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, আমাৰ দাবী মানিবই লাগিব ইত্যাদি শ্ল’গানেৰে দিচপুৰৰ লাষ্টগেইট কঁপাই তোলে।

সংগঠনৰ ৰাজ্যিক সভাপতি ৱাহিদুৰ জামানে নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়া মতে মাদ্ৰাছাৰ বহুতো ছাত্ৰ-ছাত্ৰী উচ্চ শিক্ষা লাভ কৰিবৰ বাবে বহিঃৰাজ্যলৈ যাবলগীয়া হৈছে। সেই হেতুকে ধৰ্মীয় সংখ্যালঘুসকলৰ উন্নয়নৰ স্বাৰ্থত অসমত উন্নত শিক্ষাৰ বাবে এখন বিশ্ববিদ্যালয় স্থাপন কৰিব লাগে বুলি তেওঁ অসম চৰকাৰক দাবী জনায়।

তদুপৰি তেওঁ অসমৰ মাদ্ৰাছাসমূহত শিক্ষকৰ সংখ্যা কম বুলি অভিযোগ কৰি কয়, ‘বৰ্তমান অসমৰ মাদ্ৰাছাসমূহত শিক্ষকৰ সংখ্যা তেনেই নগণ্য। একো একোখন মাদ্ৰাছাত ৪০০-৫০০ শিক্ষাৰ্থীৰ বিপৰীতে ২জন শিক্ষকে পাঠদান কৰিব লগীয়া হৈছে। সেয়েহে তেওঁ অনতি পলমে মাদ্ৰাছাসমূহত শিক্ষক নিযুক্তিৰ দাবী জনোৱাৰ লগতে মাদ্ৰাছা সমূহ প্ৰাদেশীকৰণ কৰিবৰ বাবে আহ্বান জনায়।

ইয়াৰ উপৰি সংঠনৰ সভাপতিগৰাকীয়ে চৰকাৰে কৰ্তন কৰি দিয়া মাদ্ৰাছা শিক্ষা উন্নয়ন ব’ৰ্ড পুনৰ গঠন কৰি তাত সঞ্চালক নিয়োগ কৰাৰ বাবে চৰকাৰৰ শিক্ষা বিভাগক আহ্বান জনায়।

বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছতে অসমৰ আমছা কৰ্মী সকলৰ ওপৰত অত্যাচাৰ কৰাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি অহাৰ অভিযোগ তুলি তেওঁ কয় ‘অতি সোনকালে কামৰূপ জিলা আমছাৰ সাধাৰণ সম্পাদক বাহাৰ আলীৰ হত্যাৰ চি বি আই তদন্ত দাবী জনাইছো। লগতে আমছাৰ কৰ্মীৰ ওপৰত চলি থকা অত্যাচাৰ বন্ধ কৰিব লাগে।’

সংগঠনটোৰ ৰাজ্যিক সভাপতি ৱাহিদুৰ জামান, কাৰ্য্যকৰী সভাপতি হাফিজ চৈয়দ আহমেদ মজুমদাৰকে ধৰি প্ৰায় ১০০ আমছা কৰ্মীয়ে এই অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে।

ইয়াৰ উপৰি তেওঁলোকে জানিবলৈ দিয়া মতে অৱস্থান ধৰ্মঘটৰ অন্তত তেওঁলোকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি উল্লিখিত দাবীকেইটাৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰিব।

তেওঁলোকে লগতে কয় যে যদি ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা নলয়, তেন্তে দিল্লীত গৈ তেওঁলোকে প্ৰতিবাদ কৰিব।