দিচপুৰৰ মুকেশ হুণ্ডাইত কৰ্মচাৰীক আঁঠু কঢ়াই সন্মুখত কে’ক কটাৰ পৈশাচিকতা প্ৰদৰ্শন মালিক হিম্মটচিংকাৰ

mukesh hyundai

অসম প্ৰশাসনৰ কেন্দ্ৰস্থল দিচপুৰতে গণেশগুৰিৰ মুকেশ হুণ্ডাই নামৰ গাড়ীৰ শ্ব’ ৰুমটোৰ কৰ্মচাৰীক এজনক কাণত ধৰাই আঁঠু কঢ়োৱাই ৰাখি তেওঁৰ সন্মুখত কে’ক কাটি ব্যৱসায়ৰ সফলতা উদযাপন কৰা কোম্পানিটোৰ মালিক ৰিশভ হিম্মটশিংকাৰ পৈশাচিক প্ৰদৰ্শনকামিতা আৰু অপৰাধৰ বিৰুদ্ধে কৰ্মচাৰীসকলৰ ঐক্যবদ্ধ প্ৰতিবাদে আজি ৫ জুলাইত উত্তাল কৰি তোলে প্ৰতিষ্ঠানটো।

ঘটনাটোৰ ছবি বিয়পি পৰাত ছ’চিয়েল মিডিয়াতো ই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

অভিযোগ অনুসৰি প্ৰতিষ্ঠানটোত যোৱা এক দশকতকৈও অধিক কাল চাকৰি কৰি অহা কৰ্মচাৰীজনক আজি ৫ জুলাইত ষ্টক-সম্পৰ্কীয় অ’ডিটক লৈ প্ৰশ্ন কৰি বুকুত ধৰি চোঁচোৰাই তেওঁলোকৰ হিন্দী ভাষাত ‘মুৰ্গা বনিবলে’ দিয়ে। ‘মইতো আৰু মালিকৰ লগত কাজিয়া কৰিব নোৱাৰো,’ কোটিপতি মালিকৰ সন্মুখত অসহায় কৰ্মচাৰীজনৰ মন্তব্য।

মালিক হিম্মটশিংকাই আনকি জোতা খুলি কৰ্মচাৰীজনক মাৰিব খুজিছিল আৰু প্ৰতিষ্ঠানটোত উপস্থিত সকলো লোকৰ সন্মুখত ঘটনাটো ঘটিছিল। ‘জোতা খুলিছিলে। তাৰ পৰা মেদামে ধৰিলে। মেডামে মাৰিব নিদিলে আৰু,’ ঘটনাথলীত উপস্থিত হিম্মতশিংকাৰ পত্নীৰ কথা উল্লেখ কৰি অসহায় কৰ্মচাৰীজনৰ মন্তব্য।

মালিকৰ এই দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে প্ৰতিষ্ঠানটোৰ পুৰুষ-মহিলা নিৰ্বিশেষে অপমানিত সকলো শ্ৰমিকে সংবাদ মাধ্যমৰ সন্মুখত ঘটনাটোৰ সাক্ষ্য দিছে। প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলে মালিকজনৰ পৰা ক্ষমা প্ৰাৰ্থনা দাবী কৰিছে আৰু ইয়াৰ অন্যথা কাম বন্ধ কৰি দিয়াৰ হুংকাৰ দিছে।

‘আজি তেওঁৰ লগত হৈছে, কাইলে আমাৰ লগত হ’ব,’ আতংকিত কণ্ঠে সাংবাদিকক জনালে প্ৰতিষ্ঠানটোত কাম কৰা এগৰাকী যুৱতীয়ে।

শ্ৰমিকসকলৰ প্ৰতিবাদত ভাগ লৈ সদৌ অসম অট’ম’বাইল শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদকে ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠানত এই ঘটনা কোনো বিক্ষিপ্ত ঘটনা নহয় বুলি উল্লেখ কৰি চৰকাৰক শ্ৰম আইনসমূহৰ যথোচিত কাৰ্য্যকৰীকৰণৰ বাবে দাবী জনায়।

ৰাজধানীত ঘটা এই ঘটনাটোৱে অসমত ধনী ব্যৱসায়ীৰ মইমতালি আৰু থলুৱা শ্ৰমিকৰ অসহায় অৱস্থাক লৈ গুৰুতৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে।