দিছপুৰ ঘেৰাওৰ হুংকাৰ দৰমহা বঞ্চিত স্নাতক শিক্ষক সংগঠনৰ

Himanta Biswa Sharma

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক আওকান কৰি বিগত ছমাহ ধৰি ৰাজ্যৰ হাজাৰ হাজাৰ স্নাতক শিক্ষকক তেওঁলোকৰ প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত কৰি ৰাখিছে ৰাজ্য চৰকাৰে। প্ৰাপ্য বঞ্চিত শিক্ষকসকলৰ লগতে ন্যায়ালয়ৰ নিৰ্দেশনাকো অৱজ্ঞা কৰা ৰাজ্য চৰকাৰৰ শিক্ষা তথা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৰ্তমান ব্যস্ত ত্ৰিপুৰা দলীয় নিৰ্বাচনী কাম-কাজত।

হাজাৰ হাজাৰ শিক্ষকৰ প্ৰতি কেৱল বিত্ত মন্ত্ৰীগৰকাকীয়ে অনিহা দেখুওৱা নহয়, এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালো সমানে জগৰীয়া। মুখ্য মন্ত্ৰী সোণোৱালে বিগত এমাহে দৰমহা আসোঁৱাহ কমিটীৰ চূড়ান্ত প্ৰতিবেদনখন নিজৰ কাৰ্যালয়ৰ টেবুলত পেলাই ৰাখিছে।

চৰকাৰৰ এনে কাৰ্যক লৈ ৰাজ্যৰ বঞ্চিত শিক্ষক সকল ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হৈছে। ৰাজ্য চৰকাৰে শিক্ষক সমাজৰ প্ৰতি দেখুওৱা এনে বৈষম্যমূলক স্থিতিৰ বিৰুদ্ধে দিছপুৰ ঘেৰাও কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিছে শিক্ষক সংগঠনে।

উল্লেখ্য যে ৰাজ্যৰ উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ স্নাতক সহকাৰী শিক্ষকসকলক দৰমহা আয়োগে ৮,৭০০ টকা গ্ৰেড পে’ আদায় দিয়াত অনুমোদন জনাইছিল। কিন্তু বিগত ছেপ্তেম্বৰত বিভাগে স্নাতক শিক্ষকক ৬,৮০০ টকা গ্ৰেড পে’ত দৰমহা আদায় দিবলৈ নিৰ্দেশনা জাৰি কৰে। তদুপৰি এই ক্ষেত্ৰত এখন আসোঁৱাহ সমিতি গঠন কৰি প্ৰতিবেদন দাখিলৰো নিৰ্দেশ দিয়ে।

স্নাতক শিক্ষকসকলৰ গ্ৰেড পে’ হ্ৰাস কৰা সন্দৰ্ভত একাংশ বঞ্চিত শিক্ষকে ৰুজু কৰা গোচৰৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা বছৰৰ ১১ ডিচেম্বৰত এক ৰায়যোগে দৰমহা আসোঁৱাহ সমিতিয়ে সিদ্ধান্ত নিদিয়া পৰ্যন্ত ৮,৭০০ টকা গ্ৰেড পে’ আদায় দিবলৈ চৰকাৰক নিৰ্দেশ দিয়ে। কিন্তু ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছতো এতিয়ালৈ ৰাজ্য চৰকাৰে শিক্ষকক গ্ৰেড পে’ মোকলাই দিয়া নাই।

এনে পৰিস্থিতিৰ বিপৰীতে শিক্ষা তথা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰাজ্যখনৰ দায়িত্ব-কৰ্তব্য একাষৰীয়া কৰি ত্ৰিপুৰাত দলীয় নিৰ্বাচনী কামত ব্যস্ত আছে।

ইপিনে দৰমহা আসোঁৱাহ সমিতিয়ে যোৱা ১০ জানুৱাৰিত দৰমহা সংশোধনৰ সন্দৰ্ভত প্ৰতিবেদন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অৰ্পণ কৰে। কিন্তু বিগত এমাহ ধৰি সেই প্ৰতিবেদন সোণোৱালৰ কাৰ্যালয়ৰ টেবুলতে পৰি আছে। এই প্ৰতিবেদন সন্দৰ্ভত শিক্ষক সমাজক কোনো কথাই জানিবলৈ নিদি প্ৰতিবেদনখন ৰাজহুৱা কৰাৰ পৰা বিৰত আছে।

ইপিনে ৰাজ্য চৰকাৰৰ এনে বৈষম্যমূলক স্থিতিৰ বিৰুদ্ধে অসম বিধানসভাৰ অধিৱেশনৰ মাজতে পাঠদান বন্ধ কৰি দিছপুৰ ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিছে সদৌ অসম মজলীয়া স্নাতক সহকাৰী শিক্ষক কল্যাণ সমিতিয়ে।