NORTHEAST NOW (Assamese)

দিনজান সেনা ছাউনি ভ্ৰমণ সেনা মুৰব্বীৰ

December 29, 2017 9:33 pm · অভিক চক্ৰৱৰ্তী
Updated: December 29, 2017 9:35 pm

আজি সেনা বাহিনীৰ মুৰব্বী বিপিন ৰাৱতে ডিব্ৰুগড়ৰ দিনজান সেনা ছাউনি পৰিভ্ৰমণ কৰে। দুদিনীয়া ভ্ৰমণ সূচী লৈ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণলৈ অহা সেনা বাহিনীৰ মুৰব্বীজন আজি তেওঁৰ ভ্ৰমণ সূচী সামৰি নতুন দিল্লী লৈ ৰাওনা হয়। লগতে তেওঁ ডিব্ৰুগড়ৰ নৱম ৰাজপুতনা ৰাইফলচৰ সেনা শিবিৰ পৰিদৰ্শন কৰে। সূত্ৰ অনুসৰি জেনেৰেল ৰাৱতক অঞ্চলটোৰ নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত সংক্ষিপ্তসাৰ দাখিল কৰে দাও ডিভিজনৰ মেজৰ জেনেৰেল গজিন্দৰ সিঙে। যোৱা ৰাতি মণিপুৰত থকা সেনা মুৰব্বীজন আজি পোনে পোনে আহি ডিব্ৰুগড়ত উপস্থিত হয়। সেনা বাহিনীৰ শীৰ্ষ সূত্ৰৰ খবৰ অনুসৰি মুৰব্বীজনে তিনিচুকীয়া আৰু অৰুণাচল প্ৰদেশৰ উগ্ৰপন্থী বিৰোধী অভিযানৰ বুজ লয়। উল্লেখযোগ্য যে শেহতীয়াকৈ আলফা (স্বাঃ)এ তিনিচুকীয়াৰ স্থানীয় এজন যুৱকক অপহৰণ কৰাৰ লগতে বিজেপিৰ এজন স্থানীয় নেতা আৰু তেওঁৰ পুত্ৰক গুলীয়াই হত্যা কৰাৰ ঘটনাই জিলাখনৰ লোকসকলৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। উক্ত ঘটনাৰ পিছতে উগ্ৰপন্থীৰ বিৰুদ্ধে যৌথ অভিযান আৰম্ভ কৰা হৈছিল।

Related News