NORTHEAST NOW (Assamese)

দিল্লীত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল : কংগ্ৰেছৰ দিনতো অখিলে প্ৰতিবাদ কৰিছিল

November 19, 2017 11:25 am · এন ই নাও নিউজ ব্যুৰো, নতুন দিল্লী:

আজি নতুন দিল্লীত অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত বহুকেইটা বিষয়ত নিজৰ মত আগ বঢ়ায়। শেহতীয়াকৈ চৰ্চিত দিল্লীৰ এখন সভাত মাদানীৰ মন্তব্য সম্পৰ্কত তেওঁ কয়, ‘মাদানীৰ সাম্প্ৰদায়িক মন্তব্য নিন্দনীয়। মাদানীয়ে কিয় সাম্প্ৰদায়িক মন্তৱ্য আগবঢ়ালে সেই বিষয়ে মই অৱগত নহয়। কিন্তু সেই বুলি সভাত আমন্ত্ৰণ ক্ৰমে উপস্থিত থকাসকলক জেৰা কৰাটো সমৰ্থন নকৰো।’ আনহাতে অবৈধ বাংলাদেশী সন্দৰ্ভত তেওঁ কয়, ‘অসমত বাংলাদেশী নাই বুলি মই কোৱা নাই। বাংলাদেশী সমস্যা সমাধানৰ বাবেই এন. আৰ. চিৰ কাম আৰম্ভ কৰিছিলো।’ অখিল গগৈৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ সন্দৰ্ভত মত ব্যক্ত কৰি কয়, ‘কংগ্ৰেছৰ দিনতো অখিলে প্ৰতিবাদ কৰিছিল, কিন্তু NSA ৰ অধীনত গ্ৰেপ্তাৰ কৰাটো মানি ল’ব নোৱাৰি।’ প্ৰাক্তন মুখ্য মন্ত্ৰীজনে নগাক হত্যা কৰিম বুলি কোৱা সকলক সোধা-পোছা কৰিবলৈও আহ্বান জনায়। শিলাদিত্যক সোধা-পোছা নকৰে কিয় বুলিও তেওঁ চৰকাৰক প্ৰশ্ন কৰে।

Related News