দিল্লীত সংবাদমেল দি এন আৰ চিৰ কামত নিৰপেক্ষ স্থিতি ল’বলৈ আহ্বান জামাত-ই-ইছলামী হিন্দৰ

jih-logo

কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপিৰ চৰকাৰ দুখনৰ প্ৰতি অভিযোগৰ আঙুলি উঠাই আজি নতুন দিল্লীত জামাত-ই-ইছলামী হিন্দৰ নেতৃত্বই এখন সংবাদমেল দি কয় যে চৰকাৰ দুখনে ইচ্ছাকৃতভাৱেই অসমৰ খিলঞ্জীয়া মুছলমান লোকক বাংলাদেশীৰ ছাব লগাই দিছে। এক সংবাদমেল যোগে সংগঠনটোৰ নেতৃত্বই কয়  চৰকাৰে বিদেশী “বিজেপিৰ চৰকাৰ শাসনলৈ অহাৰ পিছৰ পৰাই বিদেশী বুলি ঘোষিত লোকৰ সংখ্যা নাটকীয়ভাৱে বাঢ়ি গ’ল।” জামাত-ই-ইছলামী হিন্দৰ সাধাৰণ সম্পাদক মুহম্মদ ছেলিম ইঞ্জিনীয়াৰে কয়।

উল্লেখযোগ্য যে অহা ৩০ জুলাইত অসমত উন্নীতকৰণ হৈ থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দ্বিতীয়খন খচৰা প্ৰকাশ পাব। মন কৰিব লগীয়া যে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ অসম চুক্তিৰ আধাৰত কৰা হৈছে। এই চুক্তিমতে, ১৯৭১ৰ ২৪ মাৰ্চৰ পাছত অসমত অন্য দেশৰ পৰা প্ৰৱশ কৰা যিকোনো লোককে বিদেশী বুলি গণ্য কৰা হ’ব।

এই প্ৰসংগত ছেলিম ইঞ্জিনীয়াৰে কয়, “যদিহে এজন লোক বিদেশী বুলি অভিযুক্ত হয়, তেতিয়া সেই অভিযোগ মিছা বুলি প্ৰমাণ কৰাৰ দায়িত্ব সেই ব্যক্তিজনৰ ওপৰতে পৰিব। কিন্তু সৰ্বসাধাৰণ নাগৰিকসকলে, যিসকলে তেওঁলোকৰ উপযুক্ত নথিপত্ৰ ৰখা নাছিল, তেওঁলোক সংকটৰ সন্মুখীন হ’ব আৰু বিদেশী হিচাপে চিহ্নিত হোৱাৰ শংকাত ভুগিব লাগিব। প্ৰায় ভাগকেই তেওঁলোকৰ নথিপত্ৰত থকা সূক্ষ্ম ত্ৰুটিৰ বাবেই বিদেশী ঘোষণা কৰা হ’ব।”

নেতাজনে লগতে এন আৰ চিৰ কামত জড়িতসকলক নিৰপেক্ষ স্থিতি ল’বলৈ আহ্বান জনাইছে।

ইয়াৰোপৰি তেওঁ কয় যে বিদেশী ন্যায়াধিকৰণসমূহত এনে কিছু লোকক নিযুক্তি দিছে, যিসকলৰ অধিকাংশই ইছলাম মানেই বিদেশী বুলি ধৰি লয়।

আনহাতে নেতাজনে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ক অত্যন্ত পক্ষপাতমূলক আৰু অসাংবিধানিক বুলিও অভিহিত কৰে। “এই বিধেয়কখন ভাৰতৰ সংবিধানখনৰ বৈশিষ্ট্যৰ পৰিপন্থী, যিহেতু ইয়াত বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা লোকসকলক তেওঁলোকৰ ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে।” ছেলিম ইঞ্জিনীয়াৰে কয়।