১৭ মে’ৰ দিনা সাংবাদিক পৰাগ কুমাৰ দাসৰ ২২ সংখ্যক মৃত্যু দিন উদযাপনে আমাৰ মনলৈ আনিছে অসমীয়া জাতীয়তাবাদ সন্দৰ্ভত কেবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন। আজিৰ পৰা ২২ বছৰ পূৰ্বে প্ৰয়াত সাংবাদিক দাসে অসমত এক প্ৰগতিশীল জাতীয়তাবাদৰ পোষকতা কৰিছিল। কেবল পোষকতা কৰাই নহয়, ইয়াৰ বাবে তেওঁ সাংবাদিক হিচাপে জোৰদাৰ প্ৰচাৰ চলাইছিল। তেওঁৰ আপোচবিহীন স্থিতি ইমানেই শক্তিশালী আছিল যে- অৱশেষত ঘাতকৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হ’ল। ৰাষ্ট্ৰযন্ত্ৰই তেওঁৰ ওপৰত জাঁপি দিয়া নিৰ্যাতনৰ কথা কোৱাৰ প্ৰয়োজনেই নাই।
কিন্তু সাম্প্ৰতিক অসমীয়া জাতীয়তাবাদৰ ৰেহ-ৰূপ কেনেকুৱা? নিশ্চিতকৈ পৰাগ কুমাৰ দাসে কোৱাৰ দৰে- অসমীয়া জাতীয়তাবাদক কোনোবাই বিচাৰিবই লাগিব বুলি মই ক’ব বিচৰা নাই। কাৰণ প্ৰয়াত দাসে দিল্লীৰ বঞ্চনাৰ বিৰুদ্ধে অসমৰ খিলঞ্জীয়া লোকৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ বাবে সজোৰে মাত মাতিছিল। আৰু সেই ক্ষেত্ৰত তেওঁ নিজে সম্পাদনা কৰা বাতৰি কাকতক মঞ্চ হিচাপে ব্যৱহাৰ কৰিছিল। দাসৰ মতাদৰ্শৰ সৈতে বিৰোধ থকা স্বাভাৱিক। কিন্তু তেওঁ দিল্লীৰ আধিপত্যবাদী দৃষ্টিভংগীক যিদৰে প্ৰত্যাহ্বান জনাব বিচাৰিছিল, তাৰ প্ৰাসংগিকতা আজিৰ অসমত কোনে নুই কৰিব পাৰিব?
শেহতীয়া ঘটনাৱলীয়ে ৰাজ্যখনৰ খিলঞ্জীয়া জনগোষ্ঠীৰ মাজত নিজৰ অস্তিত্বৰ অশনি সংকেত কঢ়িয়াই আনিছে। ইয়াৰ বিৰুদ্ধে অসমীয়া জাতীয়তাবাদী শক্তিয়ে যিদৰে প্ৰবল প্ৰতিৰোধ গঢ়ি তুলিব লাগিছিল সেয়া পৰা নাই। কিয় অসমীয়া জাতীয়তাবাদৰ বৰ্তমান এই স্থিতি?
সাম্প্ৰতিক সময়ত আমাৰ সমাজ জীৱন আৰু ৰাজনৈতিক ক্ষেত্ৰত ঘটা পৰিৱৰ্তনে স্বাভাৱিকতে সকলো শিবিৰকে চুই গৈছে। অসমীয়া জাতীয়তাবাদী শক্তিয়েও পৰিৱৰ্তিত পৰিস্থিতিত সহাৱস্থান কৰাৰ ৰণকৌশল যুগুত কৰি লোৱা দেখিবলৈ পোৱা গৈছে। অসম গণ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে আদি কৰি ৰাজনৈতিক আৰু অৰাজনৈতিক দল-সংগঠনৰ ভূমিকা এই ক্ষেত্ৰত বিশেষভাৱে লক্ষণীয় হৈ পৰিছে।
কেন্দ্ৰত মোদী চৰকাৰ আৰু অসমত বিজেপি মিত্ৰজোঁট চৰকাৰৰ আমোলত জাতীয়তাবাদী শক্তিসমূহে দিল্লীৰ প্ৰতি এক নৰম দৃষ্টিভংগী গ্ৰহণ কৰিছে নেকি? এই প্ৰশ্ন আজি অসমৰ বিভিন্ন মহলত উত্থাপিত হৈছে। এক শক্তিশালী স্থিতিৰে দিল্লীক প্ৰত্যাহ্বান জনোৱাৰ বিপৰীতে বৰ্তমান শাসনাধিষ্ঠিত শিবিৰৰ সৈতে এক আপোচকামী দৃষ্টিভংগী লোৱা বুলি কোনো কোনোৱে অভিযোগ আনে। অৱশ্যে এটা কথা স্পষ্ট যে- সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মোদী চৰকাৰৰ অসম বিৰোধী নীতি আৰু কাৰ্যকলাপৰ তীব্ৰ বিৰোধিতা কৰি আহিছে। ছাত্ৰ সন্থাৰ নেতৃত্বই ইয়াৰ বিৰুদ্ধে পদ্ধতিগতভাৱে যুঁজ দিছে।
কিন্তু তৎস্বত্তেও কিয় তেওঁলোকৰ ভূমিকাক লৈ প্ৰশ্ন হৈছে? কাৰণ অসমীয়া জাতীয়তাবাদী শিবিৰৰ দৃঢ় কংগ্ৰেছ বিৰোধী স্থিতিৰ সুযোগ গ্ৰহণ কৰিছে বৰ্তমানৰ বিজেপিয়ে। ঐতিহাসিকভাৱে অসমীয়া জাতীয়তাবাদী শিবিৰে কংগ্ৰেছ বিৰোধী স্থিতি গ্ৰহণ কৰি আহিছে। জাতীয়তাবাদী দল-সংগঠনৰ সেই বাবেই বিজেপিৰ লগত এক সম্পৰ্ক অস্পষ্টকৈ হ’লেও গঢ় লোৱা আচৰিত নহয়। কোনো আনুষ্ঠানিকভাৱে নহয়, অথচ মানসিক পৰিমণ্ডলত এনেকুৱা এক বাতাবৰণে গঢ় ল’ব পাৰে। সেই বাবেই হয়তো সাম্প্ৰতিক সময়ত দিল্লীৰ বিৰুদ্ধে যিমান জোৰদাৰভাৱে যুঁজিব লাগিছিল সেয়া সম্ভৱ হোৱা নাই। বৰঞ্চ কোনো দল-সংগঠনৰ কথা নকৈও এটা কথা ক’ব পাৰি যে- ৰাষ্ট্ৰীয়তাবাদী দৃষ্টিভংগীৰ সৈতে এক সমিল মিলৰ মনোভাৱ দেখিবলৈ পোৱা গৈছে আমাৰ জাতীয়তাবাদীসকলৰ মাজত।
কোনো ৰাষ্ট্ৰীয়তাবাদী দৃষ্টিভংগীক সমৰ্থন কৰিও সেই দৃষ্টিভংগীৰ ধাৰকসকলক হেঁচাত ৰাখিব পৰা কৈ কাম কৰিব পাৰিব লাগিব অসমৰ হকে যুঁজি অহা জাতীয়তাবাদী সকলে।দক্ষিণ ভাৰতৰ জাতীয়তাবাদী দল-সংগঠনৰ নেতৃবৃন্দ এই ক্ষেত্ৰত আৰ্হি হ’ব পাৰে আমাৰ জাতীয়তাবাদী নেতাসকলৰ। দিল্লীৰ ওচৰত কেৱল আনুষ্ঠানিক প্ৰতিবাদেই নহয়, দিল্লীক বাধ্য কৰিব লাগিব অসমৰ স্বাৰ্থ বিৰোধী কোনো কাম নকৰিবলৈ। কিন্তু উদ্বেগজনক কথা যে- বিগত কেইটামান বছৰত অসমৰ জাতীয়তাবাদী শিবিৰৰ প্ৰতিবাদ স্বত্তেও নতুন দিল্লীয়ে ইটোৰ পিছত সিটো অসম বিৰোধী নীতি লৈ আহিছে। আৰু এটা এটাকৈ অসম বিৰোধী কাৰ্য কৰি গৈছে। আশ্চৰ্যকৰভাৱে আমাৰ জাতীয় নেতাসকলে ইয়াৰ বিৰুদ্ধে সিংহৰ দৰে গৰ্জন কৰাৰ বিপৰীতে কেৱল মাত্ৰ বিবৃতি-ধৰ্ণাতেই সামৰিছে প্ৰতিবাদ।
সেইবাবেই প্ৰশ্ন হৈছে- বৰ্তমান নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিৰ আগ্ৰাসী ৰাষ্ট্ৰীয়তাবাদৰ লগত সহাৱস্থান কৰি অসমৰ জাতীয় স্বাৰ্থ সুৰক্ষিত কৰিব পৰা যাবনে? গেৰুৱা নেতৃত্বই কিমান গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব আমাৰ জাতীয়তাবাদী শিবিৰৰ কথা? কাৰণ জাতীয়তাবাদী শিবিৰৰ বৰ্তমানৰ তুলনামূলকভাৱে দুৰ্বল স্থিতি বাৰুকৈ বুজি পাইছে অতি চতুৰ বিজেপি নেতৃত্বই। গৌৰৱময় অসমীয়া জাতীয়তাবাদৰ বৰ্তমানৰ নেতৃবৃন্দই ভালদৰেই উপলব্ধি কৰা উচিত এই কথা। কাৰণ তেওঁলোকৰ ভূমিকাৰ ওপৰতে নিৰ্ভৰ কৰিছে অসম তথা অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ বৰ্তমান-ভৱিষ্যত। আৰু জাতীয়তাবাদী নেতৃবৃন্দৰো অগ্নিপৰীক্ষাৰ সময় এয়া। অগ্নিপৰীক্ষাত উত্তীৰ্ণ হৈ চকমকাই উজ্বলি উঠিবনে? নাইবা দিল্লীৰ লগত আপোচ কৰি হেৰায় যাব ইতিহাসৰ বুকুত?
(লেখক এজন গুৱাহাটীস্থিত জ্যেষ্ঠ সাংবাদিক। তেখেতৰ ই মে’ইল : [email protected])