দিল্লীৰ বৈঠক বাতিল কৰি যুটীয়া সংসদীয় সমিতিক অসম ভ্ৰমণৰ দাবী কৃষক মুক্তিৰ

akhil gogoi kmss assam

নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬ সম্পৰ্কীয় যুটীয়া সংসদীয় সমিতিক অসম ভ্ৰমণৰ বাবে আহ্বান জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। অহা ১২ এপ্ৰিলত নতুন দিল্লীত অনুষ্ঠিতব্য বৈঠক বাতিল কৰি অসমত শুনানি অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে কৃষক সংগঠনটোৱে।

আনহাতে, যুটীয়া সংসদীয় সমিতিৰ অসম ভ্ৰমণত কৌশলেৰে বাধা দিয়া অসম চৰকাৰকো কঠোৰ সমালোচনা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। ১২ এপ্ৰিলত নতুন দিল্লীত অনুষ্ঠিতব্য বৈঠক বাতিল কৰিবলৈ দাবী জনাই অখিল গগৈয়ে কয় যে ১৩ এপ্ৰিলৰ পৰা অসমীয়া জাতিৰ বাপতি  সাহোন বহাগ বিহুৰ সময়ত নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ শুনানি বাতিল কৰিব লাগে।

৩ এপ্ৰিলৰ এক প্ৰেছ বিবৃতিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ, সভাপতি ৰাজু বৰা, ভাস্কো ডি শইকীয়া, সাধাৰণ সম্পাদক মুকুট ডেকা আৰু ধৈৰ্য কোঁৱৰে কয় যে অসমবাসীৰ জাতীয় উৎসৱ বিহুৰ সময়ত সুদূৰ দিল্লীত অসমবাসীৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰিব লগীয়া গুৰুত্বপূৰ্ণ বিষয় এটাত শুনানি অনুষ্ঠিত কৰি আচলতে কেন্দ্ৰীয় চৰকাৰে এই শুনানিৰ পৰা কৌশলেৰে অসমবাসীক আঁতৰাই ৰাখিব খুজিছে।

এনেদৰে বিহুৰ সময়ত দিল্লীত বৈঠক পাতি পাল মাৰিব খোজাটোৱে কেন্দ্ৰীয় চৰকাৰৰ বিষয়টোৰ সন্দৰ্ভত অসমবাসীৰ বিৰুদ্ধে ষড়যন্ত্ৰকে প্ৰমাণ কৰিছে বুলি দাবী কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিহুৰ পিছত এই শুনানি অসমত অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে।

লগতে অসমৰ সকলো জাতীয়-জনগোষ্ঠীয় সংগঠনকো বিষয়টোৰ সন্দৰ্ভত ভাৰত চৰকাৰ আৰু অসম চৰকাৰক হেঁচা দিবলৈ আহ্বান জনাইছে সমিতিয়ে।

আনহাতে অসমলৈ যুটীয়া সংসদীয় সমিতিক অহাত কৌশলেৰে বাধা দিয়াৰ বাবে অসম চৰকাৰক সমালোচনা কৰি কৃষক মুক্তিয়ে কয়, তথাকথিত জাতীয় নায়ক সৰ্বানন্দ সোণোৱালে ভাৰতৰ নাগৰিকত্ব আইন সংশোধন কৰি অসমলৈ হিন্দু-বাংলাদেশীক আনিবলৈ কেন্দ্ৰই কৰা চক্ৰান্তকতো বাধা দিব পৰা নায়েই, বৰং আহিব খোজা যুটীয়া সংসদীয় সমিতিক অসম ভ্ৰমণত বিধি-পথালি দি অসমৰ জাতীয় স্বাৰ্থৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে।

উল্লেখযোগ্য নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬ সম্পৰ্কত মতামত দিবলৈ এই বিষয়টো চালিজাৰি চোৱাৰ বাবে গঠিত যুটীয়া সংসদীয় সমিতিয়ে অসমৰ ২৮টা দল-সংগঠনক অহা ১২ এপ্ৰিলত দিল্লীলৈ মাতিছে। কিন্তু ইয়াৰ পূৰ্বে কৰা ঘোষণা মতে আৰু চৰকাৰে দিয়া প্ৰতিশ্ৰুতি মতে যুটীয়া সংসদীয় সমিতিখন অসমৰ মানুহৰ মতামত ল’বলৈ অসমলৈ অহাৰ কথা আছিল।

যুটীয়া সংসদীয় সমিতিৰ এই পৰিৱৰ্তিত আৰু কৌশলী সিদ্ধান্তত অসমৰ ৰাইজ আৰু দল-সংগঠন সৰৱ হৈ উঠিছে। কাৰণ নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬ৰ সৈতে অসম আৰু অসমীয়া জাতিৰ ভৱিষ্যতৰ প্ৰশ্ন জড়িত হৈ আছে।