NORTHEAST NOW (Assamese)

দিল্লীৰ ৰামলীলা ময়দানত কৃষক মুক্তিয়ে পালন কৰিব প্ৰতিবাদী কাৰ্য্যসূচী

November 18, 2017 9:22 am · এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :

অহা ২০ আৰু ২১ নৱেম্বৰত দিল্লীৰ ৰামলীলা ময়দানত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কৃষক নেতা অখিল গগৈৰ মুক্তিকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত প্ৰতিবাদী কাৰ্যসূচী পালন কৰিব। উল্লেখ্য যে যোৱা ১৩ ছেপ্টম্বৰত ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত কৃষক নেতাগৰাকীক চৰকাৰে গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছতে নেতাগৰাকীৰ মুক্তিৰ দাবীত সংগঠনটোৱে কেইবালানিও আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰিছিল যদিও এইক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ সঁহাৰি দিয়া নাই আৰু আইনী বিচাৰ প্ৰক্ৰিয়াৰ মাজতে গগৈৰ মুক্তিৰ বিষয়টো বন্দী হৈ আছে। অখিল গগৈক মুক্তি দিবলৈ বিভিন্ন দল-সংগঠনৰ দাবী তথা অনুৰোধ চৰকাৰে গুৰুত্ব নিদিয়া বাবে অৱশেষত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত প্ৰতিবাদী কাযৰ্সূচী পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Related News