দিল্লী-ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত উলহ-মালহেৰে ৰঙালী বিহু উদযাপন

_23d3ed80-2104-11e7-a5a9-704c25d3160d

গুৰগাঁৱত অনুষ্ঠিত বিহুৰ এটি দৃশ্য।

বিগত প্ৰায় দহ দিন ধৰি দিল্লীকে ধৰি ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত অসমীয়া নৱবৰ্ষ আৰু বসন্ত উৎসৱ ৰঙালী বিহুৰ আয়োজন কৰা হৈছে আৰু অতি উলহ-মালহেৰে বিভিন্ন বৰ্ণাঢ্য অনুষ্ঠানৰ জৰিয়তে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

সংবাদ প্ৰতিষ্ঠানৰ অনুসৰি ১৪ এপ্ৰিলত গুৰগাঁৱত আৰু ১৫ এপ্ৰিলত দিল্লীৰ আই জি এন চি এৰ খেলপথাৰত ৰঙালী বিহুৰ আয়োজন কৰা হৈছিল। ২২ এপ্ৰিলত একেধৰণে নইডা, ফৰিদাবাদত আৰু দ্বাৰকাত ৰহালী বিহুৰ অনুষ্ঠানৰ আয়োজন কৰা হয়।

ৰঙালী বিহু উদযাপনৰ এই অনুষ্ঠানবোৰত বিহু হুঁচৰি, বিহু নৃত্য, বিহুগীত, ঢোলবাদন আদি প্ৰদৰ্শন কৰা হয়। সাংস্কৃতিক অনুষ্ঠানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিলী বৰুৱা, মৌচম গগৈ, নিৰ্মালী দাস, নীল আকাশ আদিয়ে বিহুৰ লগতে আন জনপ্ৰিয় গীত পৰিৱেশন কৰে।

গুৰগাঁৱৰ বিহু অনুষ্ঠানত প্ৰয়াত অভিনেতা বিজু ফুকন আৰু চলচ্চিত্ৰ নিৰ্মাতা আব্দুল মজিদলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়।একেদৰে বিজু ফুকন অভিনীত চলচ্চিত্ৰৰ জনপ্ৰিয় গীতত নৃত্য প্ৰদৰ্শন কৰা হয় দিল্লীত অনুষ্ঠিত বিহু অনুষ্ঠানত।

গুৰগাঁৱৰ অসম এছোচিয়েশ্যনৰ সাধাৰণ সম্পাদক প্ৰভাকৰ দত্তই জানিব দিয়ে যে তেওঁলোকে ইয়াৰ গঠন হোৱা ২০০৭ চনৰ পৰাই গুৰগাঁৱত ৰঙালী উদযাপন কৰি অহা হৈছে। পূৰ্বতে অসমৰ পৰা অহা আৰু গুৰগাঁৱত থাকিবলৈ লোৱা অতি আগ্ৰহী কিছু ব্যক্তিক গোটাই লৈ বিহু উদযাপন কৰা হৈছিল। কিন্তু বৰ্তমান এছোচিয়েশ্যনে বহু পৰিক্ৰমাৰ মাজেৰে আহি আজি এটা অৱস্থাত উপনীত হৈছে যিয়ে গোটেই ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলতে জাকজমকতাৰে বিহু উদযাপনৰ আয়োজন কৰিব পাৰিছে।

নইডাত ৰঙালী বিহুৰ আয়োজন কৰিছে আছাম পীপলছ ৱেলফেয়াৰ এছোচিয়েশ্যন আৰু ট্ৰেনছ যমুনা দিল্লী-এন চি আৰে। ফৰিদাবাদত আছাম এছোচিয়েশ্যন ফৰিদাবাদে বিহুৰ আয়োজন কৰে।

অসমৰ বাহিৰত এইদৰে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটি উদযাপনৰ জৰিয়তে বাহিৰত বসবাস কৰি থকা অসমীয়া লোকসকলে নিজৰ কৃষ্টি-সংস্কৃতি ধৰি ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰখাটো সঁচাকৈয়ে আদৰণীয়।