‘দি বৰপেটাৰোড ক্লাব’ৰ মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

সদস্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বৰপেটাৰোড পৰীক্ষা কেন্দ্ৰৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা ‘দি বৰপেটাৰোড ক্লাব’ৰ উদ্যোগত আজি দিনৰ ১১ বজাৰ পৰা দি বৰপেটাৰোড ক্লাবৰ প্ৰেক্ষাগৃহত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়৷
ক্লাবৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা, প্ৰাক্তন সাংসদ ডেভিদ লেজাৰৰ পোৰোহিত্যত অনুষ্ঠিত হোৱা উক্ত সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে বৰপেটাৰোডৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অৱতীৰ্ণ হৈ মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১৩১ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷
আনহাতে সাধাৰণ সম্পাদক অজয় চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানত বি এইচ কলেজৰ প্ৰাক্তন অধ্যক্ষ ৰমেন্দ্ৰ কুমাৰ দাসে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে সন্মানীয় অতিথি হিচাপে তথ্য আৰু প্ৰযুক্তিৰ পৰিদৰ্শন তথা সাংবাদিক পাপৰি বৰা উপস্থিত থাকি কৃতী ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে।
ইফালে অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰি একাংশ কৃতী ছাত্ৰ-ছাত্ৰীয়ে নিজৰ মতামত ব্যক্ত কৰে। সম্বৰ্ধনা অনুষ্ঠানটোত বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱক সকলেও অংশগ্ৰহণ কৰে।