দীননাথ উপাধ্যায়ৰ মুক্তিপণ ৩কোটি ৫০ লাখ টকা দাবী আলফা স্বাধীনৰ

IMG_20180615_200437 (1)

জাগুনৰ এখন ক্ষুদ্ৰ চাহ বাগিচাৰ মহৰি দীননাথ উপাধ্যায়ৰ মুক্তিপণ হিচাপে ৩কোটি ৫০ লাখ টকা দাবী কৰিছে আলফা স্বাধীনে। উপাধ্যায়ক তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত উজনি ফানেংস্থিত জাগুনৰ ব্যৱসায়ী ৰাধা চেতিয়া মালিকানাধীন ক্ষুদ্ৰ চাহ বাগিচাৰ পৰা অপহৰণ কৰিছিল আলফা স্বাধীনে। শেহতীয়াভাৱে বাগিচাখনৰ মহৰি দীননাথ উপাধ্যায়ৰ মুক্তিৰ বাবদ ৩ কোটি ৫০লাখ টকা মুক্তিপণ দাবী কৰা বুলি নিৰ্ভৰযোগ্য সূত্ৰে জানিব পৰা গৈছে।

সূত্ৰটোৱে জানিবলৈ দিয়া মতে জেষ্ঠ আলফা  ৱতা কৰ্ণেল মাইকেল  ডেকা ফুকন ওৰফে শৰৎ ফুকনে আজি ব্যৱসায়ী ৰাধা চেতিয়ালৈ টেলিফোন কৰি দীননাথ উপাধ্যায়ৰ মুক্তিৰ দাবীত ৩ কোটি ৫০ লাখ টকা মুক্তিপণ হিচাপে দাবী কৰে।

উল্লেখ যে যোৱা ৮জুনত অপহৃত দীননাথ উপাধ্যায়ক অপহৰণৰ দায়িত্ব স্বীকাৰ কৰি আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই যোৱা ১২ জুনত জাগুনৰ ব্যৱসায়ী তথা চাহ বাগিচাখনৰ স্বাত্বাধিকাৰী ৰাধা চেতিয়াক টেলিফোন কৰি দীননাথক আলফা সুকলমে ৰখা বুলি অৱগত কৰিছিল ।

সূত্ৰটোৱে জানিবলৈ দিয়া মতে অপহৃত দীননাথক  ম্যানমাৰৰ এটা শিবিৰত ৰখা বুলি জানিব পৰা গৈছে। স্মৰ্তব্য যে যোৱা ৮জুনত দিন দুপৰতে দিনৰ প্ৰায় ১১-৩০ বজাত আলফা স্বাধীনৰ ৬জনীয়া এটা সশস্ত্ৰ দলে অপহৰণ কৰি নিছিল। আনহাতে দীননাথ উপাধ্যায়ৰ মুক্তি দাবীত আলফাই ৩কোটি ৫০ লাখ টকা দাবী কৰা বিষয়টো ৰহস্যজনক ভাবে অস্বীকাৰ কৰিছে কাঠ কয়লা শিলৰ অবৈধ বেহাৰ লগত জড়িত ৰাধা চেতিয়াই।