দীপশিখা শিশু আশ্ৰয়স্থল আনুষ্ঠানিকভাৱে মুকলি মুখ্য মন্ত্ৰী সৰ্বানন্দৰ

উত্তৰ পূৰ্বাঞ্চলৰ দূৰ-দূৰণি অঞ্চলৰ পৰা গুৱাহাটীলৈ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে অহা কৰ্কট ৰোগী সকললৈ বৃহৎ সকাহ প্ৰদানৰ লক্ষ্যৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মহানগৰীৰ ছয়মাইলত অনুষ্ঠিত এক অনুষ্ঠানৰ জৰিয়তে শিশু কৰ্কট ৰোগী সকলৰ বাবে দীপশিখা শিশু আশ্ৰয়স্থল আনুষ্ঠানিকভাৱে মুকলি কৰে।

উল্লেখযোগ্য যে দীপশিখাৰ দ্বাৰা স্থাপন কৰা দীপশিখা শিশু আশ্ৰয়স্থলে উত্তৰ পূৰ্বাঞ্চলৰ শিশু কৰ্কট ৰোগী সকলৰ চিকিৎসা ক্ষেত্ৰত বহু পৰিমাণে সহায় কৰিব। এই শিশু আশ্ৰয়স্থলে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কৰ্কট ৰোগী সকলৰ স্বাস্থ্য প্ৰযত্নৰ আন্তঃগাঁথনি যেনে থকা, স্বাস্থ্য সন্মত খাদ্য, হস্পাতালৰ পৰা অহা-যোৱা, উপযুক্ত পৰামৰ্শ দানৰ লগতে তেওঁলোকৰ চিকিৎসাৰ বাবে বিত্তীয় সাহায্য প্ৰদানকে ধৰি বিভিন্ন ক্ষেত্ৰত সহায় কৰিব।

দীপশিখা শিশু আশ্ৰয়স্থল মুকলি কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত দীপশিখা আৰু ইয়াৰ লগত জড়িত মহান ব্যক্তিসকলৰ এই পদক্ষেপে মানৱসেৱাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে বুলি কয়। লগতে তেওঁ কয় যে, ‘কৰ্কট ৰোগী সকলৰ চিকিৎসাৰ বাবে বৰ্তমান ৰাজ্য চৰকাৰখনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যখনৰ বিভিন্ন ঠাইত ১৮ খন অত্যাধুনিক কৰ্কট ৰোগৰ হস্পাতাল স্থাপনৰ বাবে ৰাজ্য চৰকাৰে টাটা ট্ৰাষ্টৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰিত কৰিছে।‘

কৰ্কট ৰোগৰ প্ৰাথমিক স্তৰতে চিনাক্তকৰণ কৰিব পৰাকৈ চৰকাৰে অলপতে পেট চিটী স্কেন ব্যৱস্থা স্থাপন কৰাৰ লগতে কৰ্কট ৰোগৰ উচ্চ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ৰাজ্যখনৰ কৰ্কট ৰোগী সকলৰ বাবে আৰু অধিক পদক্ষেপ লোৱাৰ বাবে বিবেচনা কৰি আছে বুলিও সৰ্বানন্দই কয়।

আজিৰ অনুষ্ঠানটোত মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, ৰাজ্যৰ মুখ্য তথা আয়ুক্ত হিমাংশু শেখৰ দাস, মুখ্য সচিব বিনোদ কুমাৰ পিপাৰচেনিয়া, উত্তৰ পূব পৰিষদৰ সচিব পি মুইভা, কেন্সাৰ কেয়াৰ ইণ্ডিয়াৰ সভাপতি ড০ জে কে সিং, আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্য, ইব বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ড০ অমল কটকী, শিশু অশ্ৰয় স্থল নিৰ্মাণৰ বাবে ভূমি প্ৰদানকাৰী কেএশৱ চন্দ্ৰ শৰ্মা, প্ৰথিতযশা বাঁহী বাদক ৰাকেশ চৌৰাচিয়াকে ধৰি বহু সংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।