দুদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচলত উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডু

Vice President at Itanagar (4)

ভাৰতৰ উপৰাষ্ট্ৰপতি এম ভেংকায়ানাইডুৱে দুদিনীয়া ভ্ৰমণসূচী হৈ ইটানগৰত আহি উপস্থিত হৈছে।  উপ ৰাষ্ট্ৰপতিগৰাকীৰ এইটো হৈছে প্ৰথমটো অৰুণাচল ভ্ৰমণ।

কালি উপস্থিত উপৰাষ্ট্ৰপতিগৰাকীক অৰুণাচলৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ (ড০) বি ডি মিশ্ৰই ৰাজভৱনত সম্বৰ্ধনা জ্ঞাপন কৰে। মুখ্য মন্ত্ৰী পেমা খাণ্ডু, উপ মুখ্য মন্ত্ৰী চৌনা মেইন, কেবিনেট মন্ত্ৰীসকল আৰু ৰাজ্যখনৰ শীৰ্ষস্থানীয় বিষয়াসকল উপ মুখ্য মন্ত্ৰীগৰাকীৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত আছিল।

ৰাজভৱনত উপ ৰাষ্ট্ৰপতিগৰাকীক অৰুণাচল প্ৰদেশ আৰক্ষীয়ে গাৰ্ড অব অনাৰেৰে ওলগ জনায়।

পাছত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যপাল, মুখ্য মন্ত্ৰী, আৰু মুখ্য সচিব সত্য গোপালৰ সৈতে এটা চমু আলোচনাত মিলিত হয়।

আজি উপ ৰাষ্ট্ৰপতিগৰাকী ইটানগৰস্থিত দৰ্জি খাণ্ডু প্ৰদৰ্শনী কেন্দ্ৰ (Dorjee Khandu State Convention Centre) অভিমুখে  ৰাওনা হ’ব। ৰাজভৱনৰ পৰা যোৱাৰ পূৰ্বে ৰাজ্যপালগৰাকীৰ অনুৰোধমৰ্মে ৰাজভৱনৰ সন্মুখৰ ঘাঁহনিখনত এডাল ৰক্ত চন্দনৰ পুলি ৰোপণ কৰিব।

আজি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ইটাগনৰত নিগৰা পানী ব্যৱস্থাপনা প্ৰণালী আৰু ধুমুহা বৰষুণৰ পানীৰ নলাকৰণ ব্যৱস্থা এটাৰো আধাৰশিলা স্থাপন কৰিব। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ইটানগৰৰ সমীপস্থ নিৰজুলিত অৱস্থিত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উত্তৰ-পূব আঞ্চলিক প্ৰতিষ্ঠানৰ গৱেষক আৰু ফেকাল্টি সদস্যসকলক সম্বোধন কৰিব।