দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসমলৈ আহিব কেন্দ্ৰীয় চোৰাংচোৱা বিভাগৰ মুৰব্বী

অহা ৩১ ডিচেম্বৰত প্ৰকাশ পাব বৰ্তমান উন্নীতকৰণ প্ৰক্ৰিয়া চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথমখন খচৰা। সংযোগী নথি হিচাপে পঞ্চায়তৰ নথিৰ বৈধতা আছে বুলি উচ্চতম ন্যায়ালয়ে ৰায় দিয়াৰ পিছত এই প্ৰক্ৰিয়াটোত এতিয়া বৰ বিশেষ জঁট নথকাৰ দৰে হৈছে। গতিকে খচৰ প্ৰকাশ কৰাৰ সময় আৰু পিছুওৱাৰ কোনো অজুহাত নাই বুলিব পাৰি। কিন্তু খচৰা প্ৰকাশ কৰাৰ সময়ত অসমৰ ঠাই বিশেষে কিছুমান অনাকাংক্ষিত তথা আইন-শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা বিভিন্ন পক্ষই ব্যক্ত কৰিছে। এনে পৰিপ্ৰেক্ষিতত দেশৰ অভ্যন্তৰীণ চোৰাংচোৱা বিভাগ, অৰ্থাৎ ইণ্টেলিজেন্স ব্যুৰোৰ মুৰব্বী ৰাজীৱ জৈনক পৰিস্থিতিৰ আগতীয়া বুজ ল’বলৈ অসমলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে। সংবাদ মাধ্যমৰ হাতত পৰা তথ্য অনুসৰি অহা  ৮ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচী লৈ তেওঁ অসমত উপস্থিত হ’বহি। এই ভ্ৰমণকালত তেওঁ অসমৰ মুখ্য মন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত ভাগ ল’ব। ৰাজ্যৰ গৃহ বিভাগৰো দায়িত্বত থকা মুখ্য মন্ত্রীগৰাকীৰ সৈতে ৰাজ্যৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ লগতে তেওঁ এন আৰ চিৰ খচৰা প্ৰকাশৰ পাছত উদ্ভৱ হ’ব পৰা পৰিস্থিতি নিয়ন্ত্রণৰ বাবে ৰণকৌশল যুগুতোৱাৰ কথা। ইফালে, চোৰাংচোৱা বিভাগটোৰ মুৰব্বী গৰাকীয়ে ভ্ৰমণৰ পূর্বে অসম আৰক্ষীৰ পৰা কেতবোৰ বিশেষ তথ্য বিচাৰি জৰুৰী নির্দেশনা প্ৰেৰণ কৰিছে। স্পর্শকাতৰ হৈ পৰা অঞ্চলসমূহৰ লগতে ধৰ্মীয় সংখ্যালঘু প্ৰধান জিলাসমূহৰ মানচিত্ৰ আৰু জনগাঁথনিৰ সবিশেষ তথ্য, সন্দেহজনক সংগঠন,নাগৰিকৰ গতিবিধি আদি সন্দৰ্ভত বিস্তৃত প্রতিবেদন শীঘ্ৰে দাখিল কৰিবলৈ ইতিমধ্যে সংশ্লিষ্ট জিলাসমূহৰ আৰক্ষী অধীক্ষকক নির্দেশনা দিয়া হৈছে। এই নির্দেশ পোৱাৰ পাছতে সংশ্লিষ্ট আৰক্ষী অধীক্ষকসকল তৎপৰ হৈ উঠিছে বুলি জানিব পৰা গৈছে।