দুদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিপুৰাত উপস্থিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

দুদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিপুৰাত আহি উপস্থিত হৈছেহি ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। ৰাষ্ট্ৰপতি গৰাকীয়ে বিশেষ বিমানেৰে আহি দিনৰ প্ৰায় ১১.৩০ বজাত আগৰতলা বিমানবন্দৰত হয়।

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেব, উপ মুখ্য মন্ত্ৰী জিষ্ণু দেব বৰ্মন, ৰাজ্য প্ৰশাসন, আৰক্ষী আৰু সেনাৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলে আদৰণি জনায়।

বিমানবন্দৰৰ পৰা ৰাষ্টপতি গৰাকীয়ে বাহিৰে বাহিৰে বিশেষ হেলিকপ্তাৰ যোগে উদয়পুৰৰ মাতাবৰি মন্দিৰলৈ ৰাওনা হয়।

ৰাজ্য চৰকাৰে ৰবিন্দ্ৰ শতবাৰ্ষিকি ভৱনত আয়োজন কৰা ৰাজহুৱা অভ্যৰ্থনা অনুষ্ঠানত অংশ গ্ৰহণৰ বাবে আগৰতলালৈ অহা ৰাষ্ট্ৰপতি গৰাকীয়ে আন কেইবাটাও কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব।

উক্ত অনুষ্ঠানতে তেওঁ ‘কুইন পাইনএপল’ (মাটিকঁঠালৰ এবিধ প্ৰজাতি)ক ৰাজ্যিক ফল হিচাপে ঘোষণা কৰিব।

আগৰতলাৰ ৰাজভৱনত নিশোটো কটাই ৰাষ্ট্ৰপতি কোবিন্দ শুকুৰবাৰে পুৱা ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধিশ আৰু আন ন্যায়াধিশ সকলৰ সৈতে আলোচনাত বহিব।

ৰাষ্ট্ৰপতি গৰাকীৰ ভ্ৰমণকলৈ সমগ্ৰ আগৰতলাতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।