NORTHEAST NOW (Assamese)

দুদিনীয়া ভ্ৰমণ লৈ হাফলঙত উপস্থিত ৰাজ্যপাল জগদীশ মুখী

April 11, 2018 12:11 pm · পংকজকুমাৰ দেব
Updated: April 11, 2018 12:36 pm

দুদিনীয়া ভ্ৰমণসূচী লৈ হাফলঙত উপস্থিত হৈছে ৰাজ্যপাল অধ্যাপক জগদীশ মুখী। দিনৰ এঘাৰ বজাত বিশেষ হেলিকপ্টাৰেৰে আসাম ৰাইফলছৰ হেলিপেডত অৱতৰণ কৰি পোনে পোনে হাফলং আৱৰ্ত ভৱনত উপস্থিত হয় ৰাজ্যপালজন।

ৰাজ্যপালে জিলাৰ সামগ্ৰিক নিৰাপত্তা সন্দৰ্ভত প্ৰশাসনৰ লগতে নিৰাপত্তা বাহিনীৰ লগত বৈঠকত মিলিত হয়।

ইয়াৰ পাছতে ৰাজ্যপালজন হাফলং আৱৰ্ত ভৱনত জিলাৰ বিভিন্ন জনগোষ্ঠীয় সংস্থাৰ লগতে ৰাজনৈতিক দলৰ সৈতেও আলোচনাত মিলিত হ’ব বুলি চৰকাৰী সূত্ৰই জানিবলৈ দিছে।

আনহাতে পাৰ্বত্য পৰিষদ পৰিদৰ্শনৰ লগতে চি ই এম, ই এম আৰু পৰিষদৰ সদস্যসকলৰ লগতে পৰিষদৰ প্ৰধান সচিবৰ উপস্থিতিত কেন্দ্ৰীয় প্ৰকল্পৰ বাস্তৱায়নক লৈ বিভাগীয় প্ৰধানৰ লগত অনুষ্ঠিত হ’ব আন এখন বৈঠক।

আবেলি চাৰি বজাত অসমৰ দ্বিতীয় স্বচ্ছ গাঁও হাফলঙৰ জায়ন ভ্ৰমণ কৰিব। ইয়াৰোপৰি জিলা সদৰৰ বিভিন্ন স্কুল-কলেজ আৰু চিকিৎসালও পৰিদৰ্শন কৰাৰ কথা।

বৃহস্পতিবাৰে হাফলঙৰ সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ সৈতে হাফলং আৱৰ্ত ভৱনত সৌজন্যমূলক সাক্ষাৎ কৰিব ৰাজ্যপালজনে। ইয়াৰ পিছতে এই ভ্ৰমণ সামৰি সেই দিনাই গুৱাহাটীৰ উদ্দেশ্যে ৰাওনা হ’ব।

আৱৰ্ত ভৱনত স্থানীয় বিধায়ক বীৰভদ্ৰ হাগজেৰৰ লগতে চি ই এম দেৱলাল গাৰ্লোচা, জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱা, আৰক্ষী অধীক্ষক প্ৰশান্ত শইকিয়া প্ৰমুখ্যে উপস্থিত আছিল।

Related News