দুধনৈৰ আমজোঙাত তীব্ৰবেগী বাহনৰ খুন্দাত নিহত শিক্ষক

দুৰ্ঘটনা

শনিবাৰে নিশা দুধনৈ থানাৰ অন্তৰ্গত আমজোঙাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ানক পথ দুৰ্ঘটনাত এগৰাকী শিক্ষক থিতাতে নিহত হয়।

বাইক আৰোহী দীপক পাটগিৰী নামৰ শিক্ষকজনে বাইক চলাই গৈ থকা অৱস্থাতে অজ্ঞাত তীব্ৰবেগী বাহন এখনে খুন্দিয়াই থৈ যোৱাত শোকাবহভাৱে তেওঁ মৃত্যুক আকোঁৱালি ল’বলগীয়া হয়।

দুৰ্ঘটনাটো সংঘটিত কৰিয়েই অজ্ঞাত বাহনখনৰ চালকজনে বাহনখন লৈ দুৰ্ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

আনহাতে, দুধনৈ আৰক্ষীয়ে খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰে।

ৰাষ্ট্ৰীয় ঘাইপথত বাহনসমূহৰ চালকৰ দৌৰাত্ম্য আৰু অবৈধভাৱে কয়লা পৰিবাহী ট্ৰাকসমূহ ঘাইপথৰ দুয়োকাষে যধে মধে পাৰ্কিং কৰি থোৱাৰ ফলতে এনেধৰণে দুৰ্ঘটনা সমূহ সংঘটিত হোৱাৰ অভিযোগ কৰে স্থানীয় ৰাইজে।

শেহতীয়াভাৱে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো কিলাৰ হাইৱেত পৰিণত হোৱা বুলি ব্যক্ত কৰিছে বহু সচেতন লোকে। দুধনৈ এলেকাত নিতৌ এটাৰ পিছত এটাকৈ দুৰ্ঘটনা সংঘটিত হৈ অহাৰ ফলত অঞ্চলটোৰ জনসাধাৰণ সন্ত্ৰস্ত হৈ পৰিছে।