NORTHEAST NOW (Assamese)

দুধনৈত থানাত আৰক্ষী উপ- পৰিদৰ্শকৰ আত্মহত্যাক লৈ চাঞ্চল্য

June 17, 2018 1:38 pm · নীলমণি শৰ্মা

দুধনৈ আৰক্ষী থানাত নিজৰ ছাৰ্ভিচ পিষ্টলেৰে মূৰত গুলীয়াই আৰক্ষীৰ এজন উপ-পৰিদৰ্শকে আত্মহত্যা কৰাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ নিহত উপ-পৰিদৰ্শকজনৰ নাম উপেন্দ্ৰ নাথ তালুকদাৰ ৷ তেওঁৰ উপেন্দ্ৰ নাথ তালুকদাৰৰ ঘৰ পাঠশালাত ৷

জানিব পৰা মতে দুধনৈ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক উপেন্দ্ৰ নাথ তালুকদাৰে দেওবাৰে নিচেই পুৱা নিজৰ ছাৰ্ভিচ পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে ৷ গোৱালপাৰা আৰক্ষী অধীক্ষকে জনোৱা মতে নিহত SI তালুকদাৰ কিছু শাৰীৰিক অসুস্থাত ভূগি আছিল ৷ ইফালে পুৱা নিজ কৰ্তব্যত অনুপস্থিত থকাত ভাৰপ্ৰাপ্ত আৰক্ষী শৈলেন ৰয়ে SI জনৰ কোঠাত মাতিবলৈ গৈ প্ৰত্যক্ষ কৰে তেওঁ তেজেৰে লটুৰি পুতুৰি হৈ বিছনাত পৰি আছিল আৰু নিজৰ ছাৰ্ভিছ ৰিভলভাৰটো মাটিত পৰি আছিল ৷

ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে দুটা খালী কাৰ্টিজ উদ্ধাৰ কৰে ৷ যথেষ্ঠ অমায়িক স্বভাৱৰ আৰক্ষী বিষয়াজনে কি কাৰণত আত্মহত্যাৰ দৰে চৰম পন্থা বাছি ল’ব ল’গা হ’ল সেয়া অদ্যপি ৰহস্যৰ আৱৰ্তত ৷ আৰক্ষী আৱাসত থকা আৰক্ষী বিষয়াজনৰ মৃতদেহৰ  কাষত কোনো ধৰণৰ আত্মহত্যাৰ টোকা উদ্ধাৰ হোৱা নাই ৷ সেয়েহে আত্মহত্যাৰ প্ৰকৃত কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই ৷

 

Related News