NORTHEAST NOW (Assamese)

দুধনৈত বনৰীয়া হাতীৰ সন্ত্ৰাস : খবৰ দিয়াৰ পিছতো উপস্থিত নহ’ল বন বিভাগৰ কৰ্মী

May 22, 2018 11:57 am · এন ই নাও নিউজ
Updated: May 22, 2018 12:02 pm

গোৱালপাৰা জিলাৰ দুধনৈৰ বাৰীগাঁৱত মুক্ত বিচৰণ কৰি থকা প্ৰায় ২৫-৩০ জনীয়া এটা বনৰীয়া হাতীৰ জাকে অঞ্চলটোৰ ৰাইজৰ নিদ্ৰা হৰণ কৰিছে।

উল্লেখযোগ্য যে কালি নিশা দুধনৈৰ গুৱাবাৰী, পাহাৰতলী আৰু বাৰীগাঁৱত বনৰীয়া হাতীৰ জাকটোৱে তাণ্ডৱ চলায় গাঁওখনৰ কেইবাটাও পৰিয়ালৰ বহু কেইটা ঘৰ ভাঙি লণ্ডভণ্ড কৰে।

তাৰোপৰি বনৰীয়া হাতীৰ জাকটোৱে অঞ্চলটোৰ ৰাইজৰ ধান-চাউল খাই তহিলং কৰাৰ লগতে বহু ৰবৰ গছ, কল গছৰ খেতি বিনষ্ট কৰে।

ইফালে বন্যহস্তীৰ সন্ত্ৰাসৰ বিষয়ে স্থানীয় ৰাইজে বন বিভাগক অৱগত কৰাৰ পিছতো ঘটনাস্থলীত বন কৰ্মী উপস্থিত নহ’ল। ফলত স্থানীয় ৰাইজ এই কথাত ক্ষুব্ধ হৈ পৰে।

আনহাতে বনৰীয়া হাতীৰ জাকটোৱে পুৱতি নিশালৈকে সন্ত্ৰাস চলোৱাত গাওঁবাসীয়ে জুই জ্বলাই,ফটকা ফুটাই অৱশেষত বনৰীয়া হাতীৰ জাকটোক খেদিবলৈ সক্ষম হয় ৷

Related News