দুভৰিৰ যাদুৰে মেছিয়ে তৃষ্ণা দূৰ কৰিলে উত্তৰ-পূবৰো লাখ লাখ অনুৰাগীৰ

Messi

ফুটবল ষ্টাৰ মেছী

যোৱা নিশাৰ গ্ৰুপ ডি-ৰ অন্তিমখন খেলত আৰ্জেণ্টিনাই আকৰ্ষণীয় জয় সাব্যস্ত কৰি নক-আউট পৰ্য্যায়লৈ উত্তীৰ্ণ হোৱাৰ লগে লগে গোটেই পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা তেওঁলোকৰ অনুৰাগীসকলক সুখী দেখা গৈছে। উত্তৰ-পূবতো দলটোৰ লগতে তাৰকা লায়নেল মেছিৰো লাখ লাখ অনুৰাগী আছে, যিসকলে ইতিপূৰ্বে হোৱা দুখন খেলত দলটোৱে দেখুওৱা দুৰ্বল প্ৰদৰ্শনত হাতাশ হৈ পৰিছিল।

এই অনুৰাগীসকলৰ ভিতৰত অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গো আছে। সম্প্ৰতি ৰাছিয়াত খেল উপভোগ কৰি থকা জুবিনৰো অন্যতম প্ৰিয় দল আৰ্জেটিনা আৰু প্ৰিয় তাৰকা মেছি বুলি জানিব পৰা গৈছে।

যোৱা নিশা টোপনি খতি কৰি খেল চোৱাৰ পিছত নিজৰ আনন্দসূচক মন্তব্যৰে বিভিন্নজনে ছ’চিয়েল মিডিয়া ওপচাই দিয়া দেখা গৈছে। ‘Finally Messi made it’, ‘King is back’ আদি মন্তব্যৰ মাজেৰে নিজৰ তৃপ্ত ফুটবল তৃষ্ণাৰ বহিঃপ্ৰকাশ ঘটা দেখা গৈছে।

ঋতুপৰ্ণ গোস্বামী নামৰ এজন ফেইচবুক ব্যৱহাৰকাৰীয়ে নিজৰ টাইমলাইনত লিখিছে “Group stage games were never exciting like this time.”

সেইদৰে সৌৰভ দিহিঙীয়াই লিখিছে “Messi ohhhhhhh at last”.

উল্লেখযোগ্য যে যোৱা নিশা হোৱা গ্ৰুপ ডিৰ খেলত মেছিৰ আৰ্জেণ্টিনাই নাইজেৰিয়াক ২-১ গ’লত হৰুৱাই নক-আউটত প্ৰৱেশ কৰিছে। খেলৰ আগ মুহূৰ্তলৈকে মেছি বাহিনী মাত্ৰ ১ পইণ্টেৰে আছিল গ্ৰুপৰ একেবাৰে তলৰ স্থানত আৰু নক-আউটত প্ৰৱেশৰ সম্ভাৱনা আছিল তেনেই ক্ষীণ। ক্ৰোৱেছিয়া ৬ পইণ্টেৰে প্ৰথম স্থানত আৰু আইচলেণ্ড তিনি পইণ্টেৰে দ্বিতীয় আৰু নাইজেৰিয়াই ১ পইণ্ট, কিন্তু গ’লৰ উন্নত হাৰেৰে তৃতীয় স্থানত আছিল।

কিন্তু যোৱা নিশা হোৱা গ্ৰুপটোৰ অন্তিম খেল দুখনত এই ছবি সলনি হৈ যায়। ক্ৰোৱেছিয়াই আইচলেণ্ডক ২-১-ত হৰুৱাৰ ফলত আইচলেণ্ড ৩ পইণ্টতে ৰৈ যায় আৰু আৰ্জেণ্টিনাই নাইজেৰিয়াক হৰুৱাই মুঠ পইণ্ট ৪ কৰি দ্বিতীয় স্থানলৈ উন্নীত হৈ গ্ৰুপৰ দ্বিতীয় স্থানৰ দল হিচাপে নক-আউট পৰ্য্যায় পায়।

মেছিৰ গ’লৰ পিছত দৰ্শকৰ গেলাৰিত বহি থকা মাৰাডোনাৰ উল্লাস।

প্ৰথমৰ পৰাই আক্ৰমণাত্মক মনোভাব লোৱা আৰ্জেণ্টিনাৰ খেল আছিল ব্যতিক্ৰম ধৰণে সতৰ্ক আৰু সুসংবদ্ধ। মেছিৰ কালিৰ প্ৰদৰ্শন আছিল তেওঁৰ যোগ্যতা আৰু খ্যাতিৰ সৈতে মিলা ধৰণৰ।

ৰাইট উইংগাৰ হিচাপে খেলা মেছিয়ে ১৪ মিনিটত প্ৰায় একক প্ৰচেষ্টাৰেই বহু দূৰৰ পৰাই বল আগুৱাই আনি বিপক্ষৰ ডিফেণ্ডাৰক পৰাভূত কৰি এটা শক্তিশাৰী শ্বটেৰে বল নেটত প্ৰৱেশ কৰোৱায়।

দুভৰিৰ যাদু আৰু ফুটবলৰ শ্ৰেষ্ঠতম শৈলীৰ সমাহাৰ ঘটোৱা এই এটা মাত্ৰ গ’লেৰেই মেছিয়ে তেওঁৰ কোটি কোটি অনুৰাগীক পুনৰ মোহাবিষ্ট কৰি  তোলে। আনন্দৰ উল্লাসত ফাটি পৰে দৰ্শকৰ গেলাৰিত উপস্থিত থকা অসন্তোষীয়া আৰু মেছিৰ কট্টৰ সমালোচক মাৰাডোনাও।

এই বহু বাঞ্ছিত অগ্ৰগতিৰ পিছত যথেষ্ট সতৰ্কতাৰে খেলা আৰ্জেণ্টিনাৰ সমৰ্থকক হতচকিত কৰে নাইজেৰিয়াই খেলৰ ৫১ মিনিটত।

ডিফেণ্ডাৰ Javier Mascherano-এ পেনাল্টি বক্সৰ ভিতৰত পিছফালৰ পৰা বিপক্ষৰ এজন খেলুৱৈক টানি ধৰাত পেনাল্টিৰ সুযোগ পায় ছুপাৰ ঈগল খ্যাত নাইজেৰিয়াই। কোনো ভুল নকৰি ভিক্টৰ ম’ছেছে তাক গ’ললৈ ৰূপান্তৰিত কৰে। আৰ্জেণ্টিনাৰ সমৰ্থকেৰে ভৰি থকা গোটেই ষ্টেডিয়াম নিস্তব্ধ হৈ পৰা দেখা গৈছিল কেইটামান মুহূৰ্তৰ বাবে।

ৰাছিয়াৰ কোনো এটা ষ্টেইশ্যনত ট্ৰেইনৰ বাবে অপক্ষাৰত আৰ্জেণ্টিনাৰ অনুৰাগী জুবিন গাৰ্গ।

তাৰ পিছত পুনৰ আগৰ ছন্দেৰে খেলা আৰ্জেণ্টিনাই অৱশেষত খেল শেষ হ’বলৈ মাত্ৰ কেইমিনিটমান থকাত Marcos Rojo-ৰ এটা সুযোগ সন্ধানী গ’লেৰে তেওঁলোকৰ সমৰ্থকৰ তৃষ্ণা দূৰ কৰে। এই গ’লটোৰে মেক্ৰছ ৰজ’ দেশৰ নতুন নায়কত পৰিণত হয়, কাৰণ এই গ’লটোৰ আগলৈকে আৰ্জেণ্টিনাৰ নক-আউটত প্ৰৱেশৰ সুযোগেই নাছিল।

নক-আউট পৰ্য্যায়ত আৰ্জেণ্টিনাই খেলিব গ্ৰুপ চিৰ শীৰ্ষস্থানৰ দল ফ্ৰান্সৰ বিৰুদ্ধে।