NORTHEAST NOW (Assamese)

দুমাহৰ ভিতৰত পুনৰ উচ্ছেদ চলিব আমচাঙ বনাঞ্চলত : প্ৰমীলাৰাণী ব্ৰহ্ম

December 3, 2017 10:19 am · এন ই নাও নিউজ ব্যুৰো, বৰমা:

আমচাঙৰ বেদখলকাৰীৰ বাবে দু:খবৰ। দুমাহৰ ভিতৰত পুনৰ বেদখল উচ্ছেদ অভিযান আৰম্ভ কৰা হ’ব আমচাঙত। বাক্সা জিলাৰ বৰমাত অনুষ্ঠিত হোৱা বিপিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত ভাগ ল’বলৈ যোৱা বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই এই মন্তব্য কৰিছে। আনহাতে আমচাঙত উচ্ছেদিত লোকসকলক দুমাহৰ ভিতৰত পুনৰ সংস্থাপন দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষাত বহাৰ বিশেষ সুবিধা প্ৰদান কৰাৰ কথাও দোহাৰে বনমন্ত্ৰীগৰাকীয়ে। প্ৰসংগত তেওঁ উল্লেখ কৰে যে কংগ্ৰেছৰ দিনত উচ্ছেদিত লোকসকলে পুনৰ বনাঞ্চলত বেদখলৰ সুবিধা লাভ কৰিছিল যদিও বৰ্তমান চৰকাৰৰ দিনত বেদখলকাৰীসকলে সেই সুবিধা নাপাব। বনমন্ত্ৰীগৰাকীয়ে পাভৈ বনাঞ্চলতো শীঘ্ৰেই বেদখল উচ্ছেদ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

Related News