দুমাহ ধৰি দৰমহা নাই পৰিবহণ নিগমৰ কৰ্মচাৰীৰ : বাছৰ চলাচল বন্ধ কৰি দিয়াৰ ভাবুকি

TSR-Watermark-9988

প্ৰতিনিধিত্বমূলক ফটো : উৎস-ইন্টাৰনেট

অসম ৰাজ্যিক পৰিবহণ নিগমে কৰ্মচাৰীক দৰমহা আদায় দিব নোৱৰাৰ বাবে বুধবাৰে নিগমৰ কাৰ্যালয়ত প্ৰতিবাদ সাৱ্যস্ত কৰে কৰ্মচাৰীসকলে। বিগত দুমাহ ধৰি কৰ্মচাৰীসকল দৰমহাৰ পৰা  বঞ্চিত হৈ থকাৰ পাছত বুধবাৰে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটে।

পৰিবহন নিগমৰ কৰ্মচাৰীসকলে বুধবাৰে প্ৰতিবাদত নমাৰ লগতে এসপ্তাহৰ ভিতৰত দৰমহা আদায় নিদিলে নিগমৰ বাছ চলাচল বন্ধ কৰি দিয়াৰ ভাবুকি দিয়ে।

আনহাতে, কৰ্মচাৰীসকলে চৰকাৰে নিগমৰ প্ৰায় ৭৪০ বিঘা মাটি ব্যক্তিগত খণ্ডক গতোৱাৰ ষড়যন্ত্ৰ কৰা বুলিও অভিযোগ কৰে।

উল্লেখযোগ্য যে পৰিবহণ নিগমৰ ৫ সহস্ৰাধিক  কৰ্মচাৰীয়ে বিগত মাৰ্চ আৰু এপ্ৰিল মাহৰ দৰমহা লাভৰ পৰা বঞ্চিত হৈ আছে। এই সন্দৰ্ভত নিগমৰ কৰ্মচাৰী সন্থাই পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰি পৰিবহণ আয়ুক্ত আনন্দ প্ৰকাশ তিৱাৰীক কেইবাবাৰো সাক্ষাৎ কৰিছিল।

তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো দৰমহা লাভ নকৰাৰ বাবে বুধবাৰে কৰ্মচাৰীসকলে প্ৰতিবাদত নমা বুলি জানিব দিয়ে। কংগ্ৰেছৰ শাসনৰ সময়ত তেওঁলোকে নিয়মীয়াকৈ দৰমহা লাভ কৰি থকা বুলিও সদৰী কৰে।

ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে আনকি আয়ুক্ত তিৱাৰীকো ঘেৰাও কৰে। কৰ্মচাৰীসকলে জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনে এতিয়া পৰিবহণ নিগমক ধ্বংসৰ চক্ৰান্ত কৰা বুলি অভিযোগ কৰে।

উল্লেখযোগ্য যে চৰকাৰে একাধিক নিগম-নিকায়ৰ কৰ্মচাৰীসকলক দৰমহা আদায় দিব নোৱৰা অৱস্থাত পৰিছে। মঙলবাৰে দৰমহা লাভ নকৰাৰ অভিযোগত ৰাজ্যৰ উদ্যান শস্য নিগমৰ কৰ্মচাৰীসকলেও নিজৰ কাৰ্যালয়ত তলা ওলমাই প্ৰতিবাদ সাব্যস্ত কৰিছিল।

অসম ৰাজ্যিক পৰিবহন নিগম দীৰ্ঘদিন ধৰি লোকচানৰ সন্মুখীন হৈ অহাৰ বাবে চৰকাৰৰ নীতিৰ লগতে নিগমৰ কৰ্মচাৰীসকলৰ দায়বদ্ধতাকো দোষাৰোপ কৰি আহিছে সচেতন মহলে।