দুয়োজন স্বাস্থ্য মন্ত্ৰী ছিণ্ডিকেইট চলোৱা ককাই-ভাই : চালানী মাছৰ ছিণ্ডিকেইট সন্দৰ্ভত অখিল গগৈ

AkhilGogoi

সংবাদমেল সম্বোধন কৰি থকা অৱস্থাত মহানগৰীৰ গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ।

“অসমৰ আটাইতকৈ ডাঙৰ ছিণ্ডিকেট মাষ্টৰজনেই ভেজাল মাছ, ফল-মূল গাখীৰৰ বিৰুদ্ধে অভিযান চলাই আছে। যদি মাছৰ ১ টকা মূল্য বৃদ্ধি পাই তেন্তে বুজিবলৈ বাকী নাথাকিব মন্ত্ৰী পীযুষ, হিমন্ত আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কমিশ্যনৰ আশাতে এই কাৰবাৰবোৰ কৰি আছে।”

আজি গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে এখন সংবাদমেল সম্বোধন কৰি অলপতে ৰাজ্যত চালানী মাছ নিষিদ্ধ কৰা সন্দৰ্ভত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা আৰু স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ আনে।

“যদি সঁচাকৈয়ে মাছত ফৰ্মেলিন দিয়া হৈছে তেন্তে কেৱল ১০ দিনৰ কাৰণে বন্ধ কৰা হৈছে কিয়?” এইদৰে বিভাগীয় মন্ত্ৰীক প্ৰশ্ন কৰি তেওঁ লগতে কয় “দুয়োজন স্বাস্থ্য মন্ত্ৰী ছিণ্ডিকেটৰ মালখোৱা ককাই-ভাই। যিকেইটা প্ৰতিষ্ঠানৰ পৰা মাছ আহি আছে সেই প্ৰতিষ্ঠানকেইটাৰ পৰা মাছ অহা একেবাৰে নিষিদ্ধ কৰি দিয়া হোৱা নাই কিয় তাৰ উত্তৰ তেওঁলোক দুজনে দিয়ক।”

আনহাতে অন্ধ্ৰ প্ৰদেশৰ মাছৰ বেপাৰীসকলৰ সৈতে ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই কালি এখন বৈঠক অনুষ্ঠিত কৰাক লৈয়ো সৰৱ হৈ পৰিছে কৃষক নেতাগৰাকী।

এই সন্দৰ্ভত তেওঁ কয়  “অন্ধ্ৰ প্ৰদেশৰ পৰা ফিছাৰি ডাইৰেক্টৰ আলোচনাৰ বাবে আহিছে, কোনো কথা নাই, বেপাৰীবিলাকক ধৰিবহে লাগিছিল ফৰ্মেলিন মিহলোৱাৰ অপৰাধৰত। কিন্তু গোপনে কি বৈঠক থাকিব পাৰে মন্ত্ৰী পীযুষে তাৰ উত্তৰ দিয়ক।

তদুপৰি পল্টনবজাৰৰ পাণ, ফলমূল আৰু মাছৰ ছিণ্ডিকেটৰ আঁৰত কোন আছিল সেয়া সকলো জ্ঞাত বুলি সদৰী কৰাৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকাই ছিণ্ডিকেটৰ নিৰিখ বঢ়াবৰ কাৰণে এইবোৰ কৰি থকা বুলি সংবাদমেলৰ জৰিয়তে কৃষক নেতাগৰাকীয়ে গুৰুতৰ অভিযোগ তোলে।

তাৎপৰ্য্যপূৰ্ণভাৱে মাছত ফৰ্মেলিন ওলোৱাৰ পাছতো এতিয়ালৈকে ফৰ্মেলিনযুক্ত মাছ যোগান ধৰা প্ৰতিষ্ঠানৰ বিষয়া গ্ৰেপ্তাৰ নোহোৱাত সন্দেহ প্ৰকাশ কৰে কৃষক নেতাগৰাকীয়ে। লগতে তেওঁ উক্ত সংবাদমেলৰ জৰিয়তে ‘কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই’ এই প্ৰশ্নৰ উত্তৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰা বিচাৰে।