দুৰ্ঘটনাগ্ৰস্ত যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি নগাঁৱৰ জি ডি নাৰ্চিংহোমত উত্তপ্ত পৰিস্থিতি

accident

প্ৰতিনিধিত্বমূলক ফটো

ইছলাম ধৰ্মৱালম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদৰ দিনাই আজি কঠিয়াতলীত হোৱা এক দুৰ্ঘটনাত এজন মুচলমান যুৱক গুৰুতৰভাৱে আহত হৈ নগাঁও চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হোৱাৰ ঘটনাই নগৰখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

ব্যক্তিগত চিকিৎসালয়খনৰ হেমাহিৰ বাবেই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত যুৱকজনে চিকিৎসাৰ অবিহনে মৃত্যুক সাবটি লবলগীয়া হয় বুলি মৃত যুৱকজনৰ আত্মীয়ই অভিযোগ কৰিছে।

উল্লেখযোগ্য যে, দুৰ্ঘটনাগ্ৰস্ত হৈ গুৰুতৰভাৱে আহত হোৱা কঠিয়াতলি মুকলুং গাঁৱৰ ইছমাইল হক নামৰ ১৬ বছৰীয়া যুৱকজনক পৰিয়ালৰ লোকে দিনৰ প্ৰায় ডেৰ বজাত নগাঁও চহৰৰ হয়বৰগাঁৱৰ জিডি নাৰ্চিংহোমত ভৰ্তি কৰাইছিল কিন্তু চিকিৎসকৰ হেমাহিৰ বাবেই যুৱকজনৰ মৃত্যু হয় বুলি মৃত যুৱকজনৰ পৰিয়ালৰ লোকে অভিযোগ কৰে।

লক্ষণিয় ভাৱে নাৰ্চিংহোমখনৰ বিৰুদ্ধে মৃত যুৱকজনৰ আত্মীয়ই অভিযোগ তুলি সংবাদ মাধ্যমৰ আগত কয় যে, যুৱকজনক ভাল কৰাৰ নামত নাচিংহোম কৰ্তৃপক্ষই ২ লাখ টকা দাবী কৰিছিল আৰু ইয়াৰ বাবদ পৰিয়ালৰ লোকৰ পৰা ৫০ হাজাৰ টকা লয় বুলিও তেওঁলোকে অভিযোগ কৰে।

যাৰ ফলত উত্তেজিত হয় পৰা যুৱকজনৰ আত্মীয়ই ব্যক্তিগত চিকিৎসালয়খনৰ আই চি ইউ, কেচ কাউন্টাৰ আৰু বিভিন্ন সামগ্ৰী ভাঙি ক্ষতি সাধন কৰাৰ লগতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ইয়াতে ক্ষান্ত নাথাকি তেওঁলোকে চিকিৎসালয়খনৰ কৰ্মচাৰী আৰু অপূৰ্ব গোস্বামী নামৰ আন এজন ৰোগীৰ আত্মীয়ক বেয়াকৈ প্ৰহাৰ কৰি আহত কৰে।

অৱশ্যে পিছত ঘটনাৰ খবৰ লাভ কৰি হয়বৰগাঁও আৰক্ষী উক্ত নাৰ্চিংহোমখনত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।