দুৰ্ঘটনাত নিহতৰ পৰিয়ালক ক্ষতিপূৰণ আৰু উদণ্ড চালকৰ শাস্তিৰ দাবীত জাগুনত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

IMG-20180727-WA0017 (1)

যোৱা নিশা জাগুনত এটা ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়। এই পথ দুৰ্ঘটনাটোত এজন ব্যক্তি নিহত হোৱা ঘটনাৰ পিছত আজি ৰাইজৰ প্ৰতিবাদত উত্তাল হৈ পৰে জাগুনৰ আহোমপথাৰ গাঁও। ঘটনাৰ বিৱৰণি মতে, কেঁচা চাহপাত কঢ়িওৱা এখন তীব্ৰ বেগী গাড়ীৰ খুন্দাত থিতাতে নিহত হয় আহোমপথাৰ গাৱঁ‌ৰ মাইনা বৰা (৩৫)। নিহত মইনা বৰাৰ পৰিয়ালক উচিত ক্ষতিপূৰণ প্ৰদান কৰা আৰু দুৰ্ঘটনা সংঘটিত কৰা গাড়ীৰ চালকক উচিত শাস্তি প্ৰদান কৰাৰ দাবীত আজি আহোমপথাৰ গাঁৱৰ শতাধিক লোকে জাগুনৰ ১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী ৰাইজে জাগুনৰ লেখাপানী অঞ্চলত মৃত্যুদূত সদৃশ হৈ পৰা কেঁচা চাহপাত কঢ়িওৱা তীব্ৰবেগী গাড়ীসমূহক নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনায়। প্ৰায় দুঘণ্টা ধৰি কৰা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ দুইকাষে শতাধিক যানবাহন আবদ্ধ হৈ পৰে।

পিছত প্ৰতিবাদস্থলীত উপস্থিত হোৱা জাগুন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে ৰাইজে তেওঁলোকৰ দাবী সম্বলিত স্মাৰক পত্ৰ মাৰ্ঘেৰিটা মহকুমাধিপতিলৈ প্ৰেৰণ কৰে।