দুৰ্ধৰ্ষ চোৰাং চিকাৰী পাৰ্চি ৰংফাৰক আটক : ৰাইফল আৰু গুলী বাৰুদ উদ্ধাৰ

বোকাখাত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দীৰ্ঘ দিন ধৰি গঁড়ৰ চোৰাংচিকাৰৰ সৈতে জড়িত হৈ থকা দুৰ্ধৰ্ষ চোৰাং চিকাৰী পাৰ্চি ৰংফাৰক বৃহস্পতি বাৰে  নগাওঁ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিৰাপত্তাৰ দায়িত্বত থকা স্পিচিয়েল ট্ৰাষ্ট ফ’ৰ্চ ৰ যৌথ অভিযানকাৰী দলে আটক কৰে ৷

পাৰ্চি ৰংফাৰৰ মূল বাসগৃহ জখলাবন্ধাৰ নতুন দাঙ্গা গাওঁত যদিও সম্প্ৰতি তেওঁ কাৰ্বি আংলং জিলাৰ ডকমকাৰ কুৰ্ণা গাওঁৰ বাসিন্দা।

গোপন সুত্ৰৰ আধাৰত অভিযানকাৰী দলে নতুন ডাঙ্গা গাওঁৰ পৰা চোৰাংচিকাৰী পাৰ্চি ৰংফাৰক আটক কৰে ৷

পাৰ্চি ৰংফাৰৰ স্বীকাৰোক্তিৰ আধাৰত অভিযানকাৰী দলে বৃহস্পতিবাৰৰ দিনাখন কাৰ্বি আংলং জিলাৰ আঞ্জুকপানি ৰ পৰা এটা ৩৹৩ ৰাইফল,  ১৮ জাঁই সজীৱ গুলী আৰু চাইলেঞ্চাৰকে ধৰি কেতবোৰ সামগ্ৰী উদ্ধাৰ কৰে।

বিভিন্ন সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাংচিকাৰীয়ে অত্যাধুনিক মাৰণাস্ত্ৰৰে গঁড় নিধন কৰি অহাৰ বাতৰি প্ৰকাশ পাই আহিছে। উল্লেখযোগ্য যে যোৱা ৬ এপ্ৰিলৰ নিশা কাজিৰঙাত গঁড় নিধনৰ উদ্দেশ্যে প্ৰৱেশ কৰা চোৰাংচিকাৰী আৰু আৰক্ষীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী সংঘটিত হৈছিল।

কাজিৰঙাৰ দেওচুৰচাঙত সংঘটিত উক্ত আৰক্ষী আৰু চোৰাংচিকাৰীৰ মাজৰ প্ৰচণ্ড গুলীয়াগুলীৰ ফলত এজন চোৰাংচিকাৰী নিহত হৈছিল। নিহত চোৰাংচিকাৰী জনৰ পৰা আৰক্ষীয়ে এটা একে ৫৬ ৰাইফল উদ্ধাৰ কৰিছিল।