বকো থানাৰ আৰক্ষী বিষয়াক উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ

দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে শুণ্য সহনশীলতা অৱলম্বন কৰাৰ ফলতেই ইজনৰ পিছত আন ইজন দুৰ্নীতিত পোত খোৱা চৰকাৰী বিষয়া তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰি আছে। কালি কামৰূপ জিলা (গ্ৰাম্য)ৰ অন্তৰ্গত বকো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা আৰক্ষী পৰিদৰ্শক হৃদয় কলিতাক উৎকোচ লোৱাৰ অপৰাধত দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে। এটা গোচৰত অভিযুক্ত এজন কৃষকক আৰক্ষী পৰিদৰ্শকজনে গোচৰটোৰ পৰা ৰেহাই দিয়াৰ অৰ্থে বহু দিনৰ পৰা বৃহৎ পৰিমাণৰ টকা বিছাৰি আছিল পিছত কৃষক জনে ৫০ হাজাৰ টকাদিবলৈ মান্তি হয় আৰু ইয়াৰে ২০হাজাৰ টকা কালি আদায় দিবলৈ বিষয়াজনে নিৰ্দেশ দিছিল। সেইমৰ্মে কৃষকজনে কালি আৰক্ষী বিষয়াজনৰ কু-কৰ্মত অতিষ্ঠ হৈ দুৰ্নীতি নিবাৰক শাখাত এক লিখিত অভিযোগ দাখিল কৰে। এই অভিযোগৰ ভিত্তিতে কালি দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে থানাখনত ৰাতিপুৱাৰে পৰা অভিযান চলাই ভাৰপ্ৰাপ্ত বিষয়াজনক আটক কৰে।

লক্ষ্যণীয় যে ইয়াৰ পূৰ্বেও বকো থানাৰে ভাৰপ্ৰাপ্ত বিষয়া বিমান ৰয় আৰু উপ-পৰিদৰ্শক বকুল চেতিয়া দুয়োজনকে দুৰ্নীতি নিবাৰক শাখাই উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল। ইমানৰ পিছতো চৰকাৰী আৰক্ষী তথা বিষয়া সকলে উৎকোচ লবলৈ শংকাবোধ নকৰে। মন কৰিবলগীয়া যে ঘোচখোৰ আৰক্ষী বিষয়া হৃদয় কলিতাক গ্ৰেপ্তাৰ কৰাৰ পিছতে স্থানীয় ৰাইজৰ একাংশই ফটকা ফুটাই আনন্দ প্ৰকাশ কৰে।