দুৰ্নীতিৰ অভিযোগত অভিযুক্ত ৬ জন মীন বিষয়াক নিলম্বন

দুৰ্নীতিৰ অভিযোগত অভিযুক্ত ৰাজ্যখনৰ বিভিন্ন ঠাইৰ ৬ গৰাকী মীন বিষয়াক আজি মীন বিভাগে নিলম্বন কৰে। নিলম্বিত বিষয়াকেইজনৰ বিৰুদ্ধে দীৰ্ঘদনিৰ পৰাই কামৰ প্ৰতি অনীহা, অপকৰ্ম তথা দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগ উত্থাপিত কৰি আহিছিল স্থানীয় ৰাইজে। ফলত আজি আটাইকেজনকে মীন বিভাগে নিলম্বন কৰে।

নীলম্বিত মীন বিষয়াকেইজন হ’ল ক্ৰমে শোণিতপুৰ বৰচলা উন্নয়ন খণ্ডৰ মীন বিষয়া বিশ্বজিৎ কাশ্যপ, কামৰূপ জিলাৰ গৰৈমাৰি উন্নয়ন খণ্ডৰ মীন পৰিদর্শক ৰাজেন দাস, ডিমৰীয়া উন্নয়ন খণ্ডৰ মীন পৰিদর্শক দেৱেশ্বৰ সোণোৱাল, গোৱালপাৰা সহকাৰী মীন বিষয়া প্ৰতুল দাস, নগাঁৱৰ দুই মীন পৰিদর্শক ক্ৰমে বাজিয়াগাঁও উন্নয়ন খণ্ডৰ মীন পৰিদর্শক মানোৱাৰ হুছেইন আৰু লাওখোৱা উন্নয়ন খণ্ডৰ মীন পৰিদর্শক আব্দুল বাৰিক।