NORTHEAST NOW (Assamese)

দুৰ্ষ্কৃতিকাৰীৰ হাতত নিহত নিখিল দেৱ নাথৰ পৰিবাৰলৈ বি টি চি প্ৰশাসনৰ দুই লাখ টকাৰ অনুদান

April 24, 2018 10:44 pm · এন ই নাও নিউজ

দুৰ্ষ্কৃতিকাৰীৰ হাতত নিহত হোৱা কোকৰাঝাৰ চহৰৰ দৈনিক বজাৰৰ সমীপৰ শনি মন্দিৰৰ পূজাৰী নিখিল দেৱ নাথৰ পৰিবাৰ সন্ধীয়া দেৱ নাথক কালি অৰ্থাৎ সোমবাৰে বি টি চি প্ৰশাসনে দুই লাখ টকাৰ আৰ্থিক অনুদান প্ৰদান কৰে।

শনি মন্দিৰ প্ৰাংগনত উপস্থিত হৈ বি টি চি চৰকাৰৰ হৈ বি টি চিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে প্ৰয়াত নিখিল দেৱ নাথৰ সহধৰ্মিনী সন্ধীয়া দেৱ নাথক উক্ত অনুদান প্ৰদান কৰে।

উল্লেখ্য যে, এবছৰ পুৰ্বে কোকৰাঝাৰ সদৰ চহৰৰ দৈনিক বজাৰৰ শনি মন্দিৰৰ প্ৰাংগণত মন্দিটোৰ পূজাৰী নিখিল দেৱ নাথক  দুৰ্ষ্কৃতিকাৰীয়ে হত্যা কৰিছিল, উক্ত ঘটনাৰ পিছতে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী ঘটনাস্থলীত উপস্থিত হৈ লোকজনৰ আত্মীয়লৈ আৰ্থিক সাহাৰ্য আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰিছিল।

মহিলাৰীৰ উক্ত প্ৰতিশ্ৰুতিক বাস্তৱত  ৰূপায়ণ কৰি কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে কালি পূজাৰী গৰাকীৰ পৰিবাৰক দুই লাখ টকাৰ আৰ্থিক অনুদান প্ৰদান কৰে।

Related News