NORTHEAST NOW (Assamese)

দৃষ্টিনন্দন : কালদিয়া-পহুমৰা নদীৰ সংগমস্থলীত ওমলিছে এজাক দুষ্প্ৰাপ্য শিহুৱে

July 6, 2018 11:09 am · শশাংক তালুকদাৰ
বৰপেটাৰ প্ৰকৃতি প্ৰেমী ডেভিদ দাসৰ কেমেৰাত বন্দী হৈছে এই নয়নাভিৰাম আলোকচিত্ৰ।

এটা ভাল খবৰ l বৰপেটা জিলাৰ কালদিয়া আৰু পহুমৰা নদীৰ সংযোগ স্থানত বিচৰণ কৰিছে প্ৰায় ২০ টা মান দুষ্প্ৰাপ্য শিহু l

যোৱা ৩দিন ধৰি শিহুৰ জাকটো দেখিবলৈ পোৱা গৈছে l আজি পুৱাও শিহুৰ জাকটোৱে বিচৰণ কৰি থকা দেখিবলৈ পোৱা যায়।

মানুহে যাতে এই শিহু কেইটাৰ একো অপকাৰ সাধন কৰিৱ নোৱাৰে তাৰ বাবে বন বিভাগে যথাস্থানত সজাগতা অব্যাহত ৰাখিছে l শিহুৰ এনে বিচৰণে সকলোকে আচৰিত কৰি তোলাৰ উপৰি আনন্দিত কৰি তুলিছে।

উল্লেখ্য যে ৰাজ্যখনৰ কুকুৰমাৰাত থকা কুলসী নদীত প্ৰায় ৩০ টা মান দুষ্প্ৰাপ্য শিহু আছে। ‘ৰিভাৰ ডলফিন’ বুলি খ্যাত এই শিহু চাবলৈ বিভিন্ন স্থানৰ পৰা প্ৰকৃতি প্ৰেমী লোক ইয়ালৈ আহে।

অসমৰ সকলো নদীতে শিহু দেখিবলৈ পোৱা নাযায়। কুলসী আৰু কালদিয়া-পহুমৰাত নদীত শিহুৰ এনে বিৰল দৃশ্যই দীৰ্ঘদিনৰে পৰা প্ৰকৃতি প্ৰেমীসকলক আকৰ্ষিত কৰি আহিছে।

Related News